নেশ্যনেল ডেস্ক, 17 জুলাই : উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ দুগৰাকীকৈ সুৰক্ষা কৰ্মী বৃহস্পতিবাৰে কৰ’ণাত আক্ৰান্ত হৈছে ৷ আক্ৰান্ত হোৱা দুয়োগৰাকী সুৰক্ষা কৰ্মী Provincial Armed Constabularyৰ (PAC)ৰ অন্তৰ্গত আৰু দুয়োগৰাকীয়ে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ বাসগৃহত সুৰক্ষা কৰ্মত নিয়োজিত আছিল ৷ অচিৰেই মুখ্যমন্ত্ৰীগৰাকীৰ বাসগৃহ চেনিটাইজ কৰা হ’ব বুলি জানিব পৰা গৈছে ৷
ইয়াৰ পূৰ্বেও উত্তৰ প্ৰদেশ চৰকাৰৰ 5 গৰাকী মন্ত্ৰী আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যৰ দেহত ধৰা পৰিছে কৰ’ণাৰ উপস্থিতি ৷