নেচনেল ডেস্ক, 6 অক্টোবৰঃ তেলেংগানাত এক বিমান দুৰ্ঘটনাত পতিত হৈ দুজনকৈ শিকাৰু বৈমানিক নিহত হয় ৷ তেলেংগানাৰ ৰাজধানী হায়দৰাবাদ চহৰৰ বেগমপেঠ বিমানবন্দৰৰ পৰা প্ৰশিক্ষণৰ উদ্দেশ্যৰে উৰা মৰা বিমানখন ৰাজ্যখনৰ বিকাৰাবাদ জিলাৰ চুলতানপুৰৰ সমীপৱৰ্তী অঞ্চলত দুৰ্ঘটনাত পতিত হয় ৷ এই দুৰ্ঘটনাত বিমানখনত শিকাৰু বৈমানিক হিচাবে থকা প্ৰকাশ বিশাল আৰু আমানপ্ৰীত কৌৰ থিতাতে নিহত হয় ৷ স্থানীয় ৰাইজে বিমানখন ভূপতিত হোৱাৰ কথা আৰক্ষীক অৱগত কৰাৰ পাছত আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ৷ আৰক্ষীয়ে প্ৰাৰম্ভিক অনুসন্ধানত ক্ষত-বিক্ষত এজন বৈমানিকৰ মৃতদেহটো শিকাৰু বৈমানিক প্ৰকাশ বিশালৰ বুলি চিনাক্ত কৰিছে ৷
হায়দৰাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনাঃ নিহত দুই বৈমানিক - Begumpet airport
হায়দৰাবাদৰ বেগমপেঠ বিমানকোঠৰ পৰা উৰা মৰা এখন বিমান দুৰ্ঘটনাত পতিত হোৱাৰ ফলত নিহত দুজনকৈ শিকাৰু বৈমানিক ৷
![হায়দৰাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনাঃ নিহত দুই বৈমানিক](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4669830-thumbnail-3x2-planecrash.jpg)
বিমান দুৰ্ঘটনাত দুজন শিকাৰু বৈমানিক নিহত
তেলেংগানাত বিমান দুৰ্ঘটনাত নিহত দুজনকৈ শিকাৰু বৈমানিক
উল্লেখ্য যে দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পূৰ্বে দিনৰ 11 বাজি 55 বজাৰ পাছত বিমানখনৰ সৈতে বেগমপেট বিমানকোঠৰ যোগাযোগ বিচ্ছিন্ন হৈ পৰিছিল ৷
লগতে চাওক