নিউজ ডেস্ক, 20 জুলাইঃদুগৰাকী নাইজেৰিয়ান নাগৰিকক হায়দৰাবাদত দেওবাৰে গ্ৰেপ্তাৰ কৰা হয় ৷ হায়দৰাবাদৰ তাৰনাকা অঞ্চলৰ পৰা ড্ৰাগছ সৰবৰাহৰ অভিযোগত দুয়োকে গ্ৰেপ্তাৰ কৰে ৷
গ্ৰেপ্তাৰ হোৱা দুয়োজনৰে পৰা 104 গ্ৰাম কোকেইন, নগদ 1.64 লাখ টকা আৰু এখন বাইক জব্দ কৰে ৷ গ্ৰেপ্তাৰ হোৱা দুজনৰ এজন জাদি পাছকেল (35) আৰু তেওঁৰ প্ৰেয়সী এবৰে মনিকা(30) বুলি চিনাক্ত কৰিব পৰা গৈছে ৷
বিশেষ তথ্যৰ ভিত্তিত, আৱকাৰী বিভাগৰ লগতে এনফোর্সমেন্ট বিভাগৰ বিষয়াই তাৰনাকা অঞ্চলটোত অভিযান চলায় দুয়োকে গ্ৰেপ্তাৰ কৰে ৷