নিউজ ডেস্ক, ১৬ মে':দীৰ্ঘদিন ধৰি লক্ ডাউনত আৱদ্ধ হৈ থকাৰ পাচত গৃহভূমিলৈ প্ৰত্যাৱৰ্তনৰ সময়তে আধা বাটটেই সন্তান প্ৰৱস দুই প্ৰৱাসী মহিলা শ্ৰমিকৰ । গৃহ ভূমিলৈ যাত্ৰা কৰা সময়তে ট্ৰাক আৰু ৰে'লত পৃথকে-পৃথকে সন্তান জন্ম দুই মহিলাৰ । শুকুৰবাৰে নিজ গৃহভূমি উত্তৰ প্ৰদেশলৈ যাত্ৰা কৰা সময়তে ট্ৰাকত সন্তান প্ৰসৱ কৰে এগৰাকী মহিলাই । মুম্বাইৰ পৰা উত্তৰ প্ৰদেশলৈ উভতি অহাৰ সময়তে মধ্যপ্ৰদেশৰ বিআওৰা টাউনৰ সন্মুখত ট্ৰাকতে এটি সুস্থ সন্তান জন্ম দিয়ে মহিলা প্ৰৱাসী শ্ৰমকিগৰাকীয়ে । বস্তি জিলাৰ চন্ত কবিৰ নগৰৰ নিৱাসী ৩০ বছৰীয়া কৌশল্য়া আৰু তেওঁৰ স্বামী মনোজ কুমাৰ ট্ৰাকেৰে মুম্বাইৰ পৰা উত্তৰ প্ৰদেশলৈ আহি আছিল ।
ইন্দোৰত ট্ৰাকেৰে নমাই দিয়াৰ পাচতেই সন্তান প্ৰসৱ কৰে মহিলাগৰাকীয়ে । পিচত ততাতৈয়াকৈ ট্ৰাক চালক জনে নৱজাতক আৰু মহিলাগৰাকীক এখন চিভিল চিকিৎসালয়ত ভৰ্তি কৰায় ।