অসম

assam

ETV Bharat / bharat

অনন্তনাগস্থিত সেনাৰ গোদামত বিস্ফোৰণ : দুই শ্ৰমিকৰ মৃত্যু

অনন্তনাগস্থিত সেনাৰ বিস্ফোৰক সামগ্ৰী সংৰক্ষিত গোদামত বিস্ফোৰণ ৷ দুজন শ্ৰমিকৰ মৃত্যু ৷

দুই শ্ৰমিকৰ মৃত্যু
অনন্তনাগস্থিত সেনাৰ গোদামত বিস্ফোৰণ

By

Published : Mar 9, 2020, 6:45 PM IST

নেশ্যনেল ডেস্ক, 9 মাৰ্চ :সোমবাৰে জম্মু-কাশ্মীৰৰ অনন্তনাগস্থিত সেনাৰ বিস্ফোৰক সামগ্ৰী সংৰক্ষিত গোদামত বিস্ফোৰণ হোৱাৰ ফলত দুজন শ্ৰমিকে প্ৰাণ হেৰুৱায় ৷ ইয়াৰোপৰি, দুই শ্ৰমিক গুৰুতৰভাৱে আহত হোৱাত ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷

আৰক্ষী বিভাগে জানিবলৈ দিয়া অনুসৰি, দক্ষিণ কাশ্মীৰ জিলাৰ খুন্দৰুত সোমবাৰে দুপৰীয়া সময়ত এই ঘটনা সংঘটিত হয় ৷ মৃত দুই শ্ৰমিক পেহলুৰ অঞ্চলৰ ফায়াজ আহমদ ভাট আৰু উত্তৰছোৰ অঞ্চলৰ গুলজাৰ আহমদ খান বুলি চিনাক্ত কৰা হৈছে ৷ আনহাতে, আহত দুই শ্ৰমিক হৈছে ফিডা হুছেইন আৰু ছবিৰ আহমদ ৷

উল্লেখ্য যে, খুন্দৰু হৈছে কাশ্মীৰ উপত্যকাত থকা সেনাৰ সৰ্ববৃহৎ বিস্ফোৰক সামগ্ৰী সংৰক্ষণ কৰা গোদাম ৷ পূৰ্বেও এনে গোদাম সমূহত বিস্ফোৰণৰ ঘটনা সংঘটিত হৈ আহিছে ৷ 2007 চনত সেনাৰ গোদামত আকস্মিকভাৱে অগ্নিসংযোগ হোৱাৰ ফলত বহুদিনলৈকে অগ্নি নিৰ্বাপণ কৰিবলৈ সক্ষম হোৱা নাছিল আৰু ইয়াৰ ফলত বহুকেইজন লোকে প্ৰাণ হেৰুৱাইছিল ৷

আৰু পঢ়ক : কৰ'ণাভাইৰাছ আতংক : প্ৰধানমন্ত্ৰী মোডীৰ ঢাকা ভ্ৰমণ বাতিল

ABOUT THE AUTHOR

...view details