অন্ধ্ৰপ্ৰদেশত দুটা ৰজাফেঁটী নিধন - অন্ধ্ৰপ্ৰদেশ
14 ফুট দীঘল দুডাল দুষ্প্ৰাপ্য সাপক মৰিয়াই নিধন কৰিলে অন্ধ্ৰপ্ৰদেশত ৷ শ্ৰীকাকুলাম জিলাত সংঘটিত এই ঘটনা ৷
![অন্ধ্ৰপ্ৰদেশত দুটা ৰজাফেঁটী নিধন](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4206215-thumbnail-3x2-nag.jpg)
মৰিয়াই নিধন দুটা ৰজাফেঁটি
নিউজ ডেস্ক,22 আগষ্টঃ বৃহস্পতিবাৰে অন্ধ্ৰপ্ৰদেশৰ এল এন পেটা মাণ্ডালামৰ শ্ৰীকাকুলাম জিলাত স্থানীয় ৰাইজে মৰিয়াই নিধন কৰে দুটা ৰজাফেঁটীক ৷ প্ৰাপ্ত তথ্য মতে, প্ৰথমে এটা ৰজা ফেঁটীয়ে পথৰ মাজত স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি মৰিয়াই হত্যা কৰে ৷ ঘটনাটোৰ ঠিক পাচতেই আন এটা ফেঁটী পুনৰ সেই স্থানলৈ অহাত একেধৰণেৰেই স্থানীয় ৰাইজে মৰিয়াই হত্যা কৰে দ্বিতীয়টো ৰজাফেঁটীক ৷ স্থানীয় ৰাইজৰ মতে সাপ দুটাৰ দৈঘ্য 14 ফুটতকৈ বেছি আছিল ৷
মৰিয়াই নিধন দুটা ৰজাফেঁটি
Last Updated : Aug 22, 2019, 2:32 PM IST