অসম

assam

By

Published : Aug 16, 2020, 9:16 PM IST

ETV Bharat / bharat

ভূমি বিবাদক কেন্দ্ৰ কৰি উত্তৰ প্ৰদেশত দুজনৰ মৃত্যু

দেওবাৰে উত্তৰ প্ৰদেশৰ প্ৰতাপড় জিলাৰ অন্তৰ্গত ৰাণীগঞ্জৰ নিকটৱৰ্তী শ্বেইখপুৰ এলেকাত সংঘটিত হয় এক সংঘৰ্ষ ৷ এডোখৰ পুৰণি ভূমিক কেন্দ্ৰ কৰি সৃষ্টি সংঘৰ্ষৰ ৷ সংঘৰ্ষত দুগৰাকীকৈ লোক নিহত হোৱাৰ লগতে, গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে বহু কেইগৰাকী ৷

ভূমি বিবাদ
ভূমি বিবাদ

নেশ্যনেল ডেস্ক, 16 আগষ্ট:দেওবাৰে এডোখৰ ভূমিক কেন্দ্ৰ সৃষ্টি হোৱা এক বিবাদত, উত্তৰ প্ৰদেশত দুটা দলৰ মাজত হোৱা সংঘৰ্ষত দুগৰাকী লোক নিহত হোৱাৰ বিপৰীতে আহত হয় কেইবাগৰাকীও লোক ৷ ভূমি কেন্দ্ৰিক বিবাদত জড়িত ইজনে আনজনক চোকা অস্ত্ৰ, শিলগুটি নিক্ষেপ কৰিছিল বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে ৷

ইজনে আনজনক চোকা অস্ত্ৰ, শিলগুটি নিক্ষেপ কৰিছিল সংঘৰ্ষত

এই ঘটনা সংঘটিত হয় উত্তৰ প্ৰদেশৰ প্ৰতাপড় জিলাৰ অন্তৰ্গত ৰাণীগঞ্জৰ নিকটৱৰ্তী শ্বেইখপুৰ এলেকাত ৷

আৰক্ষীয়ে উল্লেখ কৰা অনুসৰি, একেখন গাঁৱৰে বাসিন্দা দয়াশংকৰ মিশ্ৰা আৰু চন্দ্ৰমণি মিশ্ৰাৰ মাজত এডোখৰ পুৰণি ভূমিক কেন্দ্ৰ কৰি সৃষ্টি হয় এই সংঘাতৰ ৷

এডোখৰ পুৰণি ভূমিক কেন্দ্ৰ কৰি সৃষ্টি সংঘৰ্ষৰ

সংঘাতৰ পাচতেই গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত লোক সকলক ততাতৈয়াকৈ প্ৰেৰণ কৰা হয় নিকটৱৰ্তী চিকিৎসালয়লৈ ৷ চিকিৎসাধীন অৱস্থাতে মৃত্যুক সাৱটি লয় দয়াশংকৰ মিশ্ৰা নামৰ লোকগৰাকীৰ লগতে তেওঁৰ পুত্ৰই ৷ আঘাতপ্ৰাপ্ত আন কেইগৰাকী লোকৰ অৱস্থা বৰ্তমান সংকটজনক বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে ৷

ঘটনা সন্দৰ্ভত ৰুজু কৰা এক গোচৰৰ ভিত্তিত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত

আৰক্ষীয়ে এই ঘটনাৰ লগত জড়িত দুগৰাকী লোকক নিজৰ জিম্মালৈ আনি তদন্ত আৰম্ভ কৰিছে ৷ ঘটনা সন্দৰ্ভত ৰুজু কৰা এক গোচৰৰ ভিত্তিত আৰক্ষীয়ে ঘটনাৰ লগত জড়িত আন কেইগৰাকী লোকৰ সন্ধান আৰম্ভ কৰিছে বুলি জানিবলৈ দিয়ে ৷

লগতে পঢ়ক:পুলৱামাত সন্ত্ৰাসবাদীৰ গুলিত নিহত স্থানীয় লোক

ABOUT THE AUTHOR

...view details