নিউজ ডেস্ক,21 জানুৱাৰীঃ বুধবাৰে মধ্যপ্ৰদেশৰখাণ্ডৱা জিলাৰ হানুভান্টিয়াত পেৰাগ্লাইডিংৰ দুজন চালক 100 ফুট দ খাৱৈ তললৈ সৰি পৰে ৷ বুধবাৰে প্ৰায় 6 বজাত পেৰামটৰ পৰিচালনা প্ৰতিষ্ঠানৰ দুজন কৰ্মচাৰীয়ে অনুশীলন কৰি থাকোতে 100 ফুট তললৈ হঠাৎ সৰি পৰে বুলি মুণ্ডি থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বি এছ মাণ্ডলয়ই কয় ৷ উল্লেখযোগ্য দুয়োজন ব্যক্তিক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছিল যদিও চিকিৎসালয়ত চিকিৎসকে মৃত বুলি ঘোষণা কৰে ৷
মধ্যপ্ৰদেশৰ খাণ্ডৱা জিলাত পেৰাগ্লাইডিং দুৰ্ঘটনাত দুজন নিহত - মধ্যপ্ৰদেশৰ খাণ্ডৱা জিলা
বুধবাৰে প্ৰায় 6 বজাত পেৰামটৰ পৰিচালনা প্ৰতিষ্ঠানৰ দুজন কৰ্মচাৰীয়ে অনুশীলন কৰি থাকোতে 100 ফুট তললৈ হঠাৎ সৰি পৰে বুলি মুণ্ডি থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বি এছ মাণ্ডলয়ই কয় ৷
![মধ্যপ্ৰদেশৰ খাণ্ডৱা জিলাত পেৰাগ্লাইডিং দুৰ্ঘটনাত দুজন নিহত মধ্যপ্ৰদেশৰ খাণ্ডৱা জিলাত পেৰাগ্লাইডিং দুৰ্ঘটনাত দুজন নিহত](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-10316291-562-10316291-1611163154581.jpg)
মধ্যপ্ৰদেশৰ খাণ্ডৱা জিলাত পেৰাগ্লাইডিং দুৰ্ঘটনাত দুজন নিহত
ইপিনে দুৰ্ঘটনাটোৰ ফলত মৃত্যু হোৱা লোক দুজনৰ এজন ৰাজস্থানৰ পালি জিলাৰ বুদ্ধ মংগ্লিয়নৰ বাসিন্দা গজপাল সিং (২৮) আনজন হৈছে মধ্য প্রদেশৰ ৰাজগড়ৰ ভগাৰা গাঁৱৰ স্থানীয় বলচান্দ দংগী (৩২) বুলি চিনাক্ত কৰা হৈছে ৷ সম্প্ৰতি সমগ্ৰ ঘটনাৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দশ দিছে প্ৰশাসনে ৷ পূনাচা উপ-বিভাগীয় দণ্ডাধীশ (এছ ডি এম)ৰ দ্বাৰা তদন্ত কৰিব ঘটনাতোৰ ।
লগতে পঢ়কঃ নিউ গুৱাহাটীৰ MANO MOTORS ত অগ্নিকাণ্ড