নিউজ ডেস্ক, 17 ছেপ্তেম্বৰ: হায়দৰাবাদত বুধবাৰে হোৱা মুষলধাৰ বৰষুণৰ ফলত মেডিপল্লী অঞ্চলত দেৱাল ভাঙি মৃত্যু হয় দুজনকৈ লোকৰ ৷ বৃষ্টিপাতৰ ফলত বহু অঞ্চল পানীৰ তলত ডুব যোৱাৰ লগতে যান-বাহনৰ চলাচল ব্যাহত হোৱা পৰিলক্ষিত হয় ৷ ব্যস্ততাপূৰ্ণ স্থান- বঞ্জাৰা হিলছ, জুবলী হিলছ, বাণিজ্যিক কেন্দ্ৰ আমীৰপেত, কোটী, দিলচুখনগৰ, এল.বি. নগৰ, এবিডছ, বচীৰবাঘ, বেগমপেত, খৌৰাতাবাদ আৰু চেকেণ্ডৰাবাদৰ বাট-পথসমূহ সম্পূৰ্ণৰূপে ডুব গৈছিল ৷
কিছু কিছু অঞ্চলত 10 ছেণ্টিমিটাৰ উচ্চতাৰ বৰষুণ হোৱাৰ বাবে বাট-পথ পুল সদৃশ হৈ পৰে ৷ যাৰ ফলত বহু সময় ধৰি তীব্ৰ যান-জঁটৰ সৃষ্টি হয় ৷ সন্ধিয়া সময়লৈকে গাড়ীচালক সকল একে ঠাইতে ৰৈ থাকিবলগীয়া হয় ৷ আনহাতে শেইখপেত, অট্টাপুৰৰ দৰে কিছু কিছু ঠাইত বাহনসমূহ জলমগ্ন হৈ পৰে আৰু কেইবাখনো দুচকীয়া বাহন পানীত উটি যায় ৷
প্ৰৱল বৃষ্টিপাতৰ পিচতে গ্ৰেটাৰ হায়দৰাবাদ পৌৰসভাই প্ৰতিক্ৰিয়াস্বৰূপে পৌৰ নিগমৰ দল নিয়োগ কৰি পানী আঁতৰোৱাৰ চেষ্টা কৰে আৰু সকলোকে ঘৰৰ ভিতৰত থাকিবলৈ আহ্বান জনায় ৷