নিউজ ডেস্ক,13 অক্টোবৰঃমধ্য কাশ্মীৰৰ বাদগাম জিলাৰ দুজন ভাতৃয়ে হস্ৰ দৈৰ্ঘৰ ভিডিঅ’ নিৰ্মাণৰ বাবে সফলতাৰে এক ম’বাইল এপ্লিকেশ্যনৰ বিকাশ কৰিছে ৷ লাডাখ অঞ্চলৰ সীমান্তত চলি থকা উত্তেজনাৰ মাজতে ‘সুৰক্ষাজনিত’ কাৰণত অলপতে চৰকাৰে প্ৰতিবন্ধকতা আৰোপ কৰা চীনা এপ টিক টকৰ বিকল্প হিচাপে এই ম’বাইল এপ্লিকেশ্যন নিৰ্মাণ কৰি উলিওৱা হৈছে ৷ এই নতুন এপবিধক‘নিউকুলাৰ’ নামেৰে নামাংকৃত কৰা হৈছে আৰু ই এতিয়া গুগুল প্লে’ ষ্ট’ৰতো উপলব্ধ ৷
ছফ্টৱেৰ অভিযন্তা মহম্মদ ফাৰুক ৱানি আৰু এম বি এ তথা ছফ্টৱেৰ ইঞ্জিনিয়াৰিঙত ডিপ্ল’মাধাৰী তেওঁৰ অনুজ ভাতৃ টিপু চুলতান ৱানিয়ে বৰ্তমানলৈকে তিনিটাতকৈ ম’বাইল এপ সফলতাৰে নিৰ্মাণ কৰি উলিয়াছে ৷ চীনা এপ ‘টিক টক’ৰ বিকল্প ‘নিউকুলাৰ’ এপ হ’ল ভাতৃদ্বয়ৰ শেহতীয়া সৃষ্টি ৷ উন্মোচন হোৱাৰ মাত্ৰ কিছুদিনৰ ভিতৰতেই ইতিমধ্যেই এশতকৈও অধিক লোকে তেওঁলোকৰ ম’বাইল ফোনবোৰত এই এপ্লিকেশ্বন বিধ ডাউনল’ড কৰিছে ৷
পূৰ্ৱতে ভাতৃদ্বয়ে “ডকুমেন্ট স্কেনাৰ” আৰু “ফাইল শ্বেয়াৰইট টুল” নামেৰে দুই ম’বাইল এপৰ নিৰ্মাণ কৰি উলিয়াইছিল ৷ উল্লেখ্য যে এই দুই এপ চীনা এপ শ্বেয়াৰইট আৰু কে’ম স্কেনাৰৰ বিকল্প এপ হিচাপে নিৰ্মাণ কৰা হৈছিল ৷
এইখিনতে উল্লেখ কৰা প্ৰাসংগিক হ’ব যে ভাৰত আৰু চীনৰ মাজত লাডাখৰ গালৱান উপত্যকাত হোৱা ৰক্তাক্ত সংঘাতৰ পৰিণতিত ভাৰত চৰকাৰে টিক টককে ধৰি ২২৪ বিধ চীনা ম’বাইল এপৰ ওপৰত বিগত মাহত প্ৰতিবন্ধকতা আৰোপ কৰিছিল ৷
টিক টক আছিল ভাৰতবৰ্ষত আটাইতকৈ চৰ্চিত আৰু ব্যাপক হাৰত ব্যৱহৃত হোৱা চীনা ম’বাইল এপ ৷ এই এপ বিধৰ ব্যৱহাৰত প্ৰতিবন্ধকতা আৰোপ কৰাৰ আগলৈকে জনসাধাৰণ তথা কথাছবিৰ বহু জনপ্ৰিয় তাৰকাই ইয়াক বহুলভাৱে ব্যৱহাৰ কৰিছিল ৷
কাশ্মীৰি ভাতৃদ্বয়ৰ কাৰ্যই“অভাৱেই যে আৱিস্কাৰৰ মূল”বোলা কথাষাৰৰেই সত্যতা পুনৰ প্ৰতিপন্ন কৰিলে ৷ টিক টকৰ ওপৰত আৰোপ কৰা প্ৰতিবন্ধকতাৰ ফলত জনসাধৰণৰ মাজত এক বিকল্প এপৰ অভাৱ অনুভূত হয় ৷ কাশ্মীৰি ভাতৃদ্বয়ে ইয়াৰ দায়িত্ব মূৰ পাতি লয় আৰু এক বিকল্প এপ নিৰ্মাণ কৰি উলিয়াই ৷
ৱানি ভাতৃদ্বয়ে পূৰ্ৱে নিৰ্মাণ কৰি উলিওৱা “ফাইল শ্বেয়াৰইট টুল” আৰু “ ডকুমেন্ট স্কেনাৰ টুল”, দুয়োবিধ এপেই গুগুল প্লে’ ষ্ট’ৰত উপলব্ধ ৷