মুম্বাই ১৮ ডিচেম্বৰ :মহাৰাষ্ট্ৰৰ গুৰগাঁৱৰ পাৰ্লাৰ আৰু স্পা মালিকৰ পৰা ধন লুট কৰাৰ অভিযোগত শুকুৰবাৰে দুজন সাংবাদিকক আৰক্ষীয়ে আটক কৰে । পাৰ্লাৰ আৰু স্পাৰ স্বত্বাধিকাৰী মহিলাগৰাকীয়ে সাংবাদিক দুগৰাকীয়ে তেওঁৰ পৰা বিগত দুমাহত ধন সংগ্ৰহ কৰাৰ অভিযোগ কৰিছিল। আৰক্ষীয়ে অভিযোগৰ ভিত্তিত অভিযান চলাই সাংবাদিক দুগৰাকী আটক কৰে। গুৰগাঁৱৰ আৰক্ষী বিষয়া দীপক ফটনাগাৰে উল্লেখ কৰা অনুসৰি অভিযুক্ত সাংবাদিক দুগৰাকীয়ে পাৰ্লাৰৰ বিষয়ে বিভিন্ন সোধপোছ কৰি মহিলাগৰাকীক অতিষ্ঠ কৰিছিল। স্বত্বাধিকাৰীগৰাকীয়ে তেওঁলোকক প্ৰথমে টকা দিছিল । কিন্তু তেওঁলোকে ১৫ দিনৰ পাছত পুনৰ ৫০,০০০ টকা ধন দাবী কৰাত মহিলাগৰাকীয়ে আৰক্ষীৰ ওচৰত গোচৰ ৰুজু কৰে ।
ধন দাবী কৰি আৰক্ষীৰ জালত দুই সাংবাদিক - ধন দাবী
আৰক্ষীয়ে অভিযান চলাই সাংবাদিক দুগৰাকীয়ে ধন লোৱা সময়ত হাতে লোটে আটক কৰে বৰ্তমান অভিযুক্ত সাংবাদিক দুগৰাকীৰ বিৰুদ্ধে আৰক্ষীয়ে ধন দাবীৰ এটা গোচৰ ৰুজু কৰিছে ।

Two journalists arrested for extorting money from salon owner in Mumbai
আৰক্ষীয়ে অভিযোগৰ ভিত্তিত অভিযান চলাই সাংবাদিক দুগৰাকীয়ে ধন লোৱা সময়ত হাতে লোটে আটক কৰে ।বৰ্তমান অভিযুক্ত সাংবাদিক দুগৰাকীৰ বিৰুদ্ধে আৰক্ষীয়ে ধন দাবীৰ এটা গোচৰ ৰুজু কৰিছে ।
লগতে চাওকঃ নৱাজ শ্বৰীফৰ মাতৃৰ মৃত্যুত সমবেদনা জ্ঞাপন নৰেন্দ্ৰ মোডীৰ