নিউজ ডেস্ক, 11 এপ্ৰিলঃজম্মু-কাশ্মীৰত শুকুৰবাৰে দিনৰ ভাগত সংঘটিত হয় এক ৰহস্যজনক বিস্ফোৰণৰ ঘটনা ৷ কেন্দ্ৰীয়-শাসিত অঞ্চলটোৰ বন্দীপুৰা জিলাৰ এখন জংঘলত সংঘটিত হয় বিস্ফোৰণটো ৷ অৱশ্যে এতিয়ালৈকে এই বিস্ফোৰণৰ সৱিশেষ জানিব পৰা হোৱা নাই ৷
জম্মু-কাশ্মীৰত বিস্ফোৰণত আহত দুই - সেনা আৰু আৰক্ষীৰ অভিযান
জম্মু-কাশ্মীৰৰ বন্দীপুৰা জিলাৰ এখন জংঘলত হোৱা ৰহস্যজনক বিস্ফোৰণত দুগৰাকী ব্যক্তি আহত হয় ৷ কি পৰিস্থিতিত বিস্ফোৰণ সংঘটিত হ’ল সেই ঘটনা এতিয়াও পোহৰলৈ অহা নাই যদিও আৰক্ষী আৰু নিৰাপত্তা বাহিনীয়ে ইয়াৰ অনুসন্ধান অব্যাহত ৰাখিছে ৷
![জম্মু-কাশ্মীৰত বিস্ফোৰণত আহত দুই জম্মু-কাশ্মীৰত বিস্ফোৰণত আহত দুই](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6744060-749-6744060-1586539546017.jpg)
জানিব পৰা মতে, জংঘলত ঘাঁহ কাটিবলৈ যোৱা অৱস্থাত দুগৰাকী ব্যক্তিয়ে এই বিস্ফোৰণৰ সন্মুখীন হয় ৷ বিস্ফোৰণৰ ফলত দুয়োগৰাকী ব্যক্তি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ৷ আঘাতপ্ৰাপ্ত দুয়োগৰাকী ব্যক্তি ৰিয়াজ আহমেদ চিচী আৰু ইৰ্শ্বাদ আমমেদ চিচী বুলি জানিব পৰা গৈছে আৰু দুয়োকে ইতিমধ্যে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷
নিৰাপত্তা বাহিনীয়ে প্ৰকাশ কৰা অনুসৰি, বন্দীপুৰা জিলাৰ পান্নেৰ জংঘলত সংঘটিত হয় এই বিস্ফোৰণ ৷ ইতিমধ্যে সেনা আৰু আৰক্ষীয়ে বিস্ফোৰণস্থলীত অনুসন্ধান অব্যাহত ৰাখিছে যদিও কি পৰিস্থিতিত বিস্ফোৰণ সংঘটিত হ’ল সেই বিষয়ে জানিব পৰা হোৱা নাই ৷ অৱশ্যে সেনাৰ সুত্ৰই প্ৰকাশ কৰা অনুসৰি, উক্ত স্থানত সন্ত্ৰাসবাদীৰ ঘাটি আছে আৰু সেনা তথা নিৰাপত্তা বাহিনীক লক্ষ্য কৰি সংস্থাপিক কৰা কোনো লেণ্ড মাইন বিস্ফোৰণৰ ফলতেই দুয়োগৰাকী ব্যক্তি আঘাতপ্ৰাপ্ত হ’ব পাৰে ৷