নিউজ ডেস্ক, 25নৱেম্বৰঃ 2003চনৰ চাদিক জামালক ভুৱা এনকাউন্টাৰত হত্যাৰ লগত দুজনকৈ আৰক্ষী জড়িত থকাৰ অভিযোগত কেন্দ্ৰীয় অনুসন্ধান সংস্থা চমুকৈ চিবিআইৰ এক বিশেষ ন্যায়ালয়ে তেওঁলোকৰ বিৰুদ্ধে থকা গোচৰত পৰ্যাপ্ত পৰিমাণে তথ্য নথকাৰ বাবে গোচৰটোৰ পৰা মুক্তি প্ৰদান কৰে ৷
মঙলবাৰে চিবিআইৰ এখন বিশেষ ন্যায়লয়ে এক আদেশৰ জৰিয়তে ঘোষণা কৰে যে, পি এল মবামি নামৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আৰু আনগৰাকী আৰক্ষী কনিষ্টবল এ এছ যাদবে চলিত বছৰৰ আগষ্ট মাহতে চিবিআইৰ বিশেষ আদালতত গোচৰটোৰ পৰা মুক্তিৰ এক আবেদন দাখিল কৰিছিল ৷ আবেদনl তেওঁলোকে উল্লেখ কৰিছিল, চিবিআইয়ে সমগ্ৰ ঘটনাটোৰ বিষয়ে ভূলকৈ চাৰ্জশ্বিট দাখিল কৰিছে ৷
উল্লেখযোগ্য যে, লস্কৰ-ই-তৈয়বাৰ সদস্য জামালৰ বিৰুদ্ধে তদান্তিন গুজৰাটৰ মুখ্যমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে বিজেপি দলৰ কেইবাগৰাকী শীৰ্ষ পৰ্যায়ৰ নেতাক হত্যা কৰাৰ ষড়যন্ত ৰচনা কৰাৰ অভিযোগ আছিল ৷ 2003 চনৰ 13 জানুৱাৰীত আহমেদাবাদত নৌৰদা অঞ্চলত আৰক্ষীৰে হোৱা এক সংঘৰ্ষত চাদিকৰ ম়ত্যু হৈছিল ৷