নিউজ ডেস্ক, ২০ জুলাইঃ পশ্চিম বংগৰ মালদা জিলাত দেওবাৰে বজ্ৰপাত পৰি নিহত হয় দুগৰাকীকৈ মহিলাৰ । লগতে গুৰুতৰভাৱে আন পাঁচ গৰাকী ব্যক্তি আহত হয় বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে । প্ৰচণ্ড বতাহ, বৰষুণ আৰু বিজুলী ধেৰকণীৰ সময়ত খেতি পথাৰত ৬ গৰাকী মহিলাই কাম কৰি থকা প্ৰত্য়ক্ষ কৰে বুলি মত ব্যক্ত কৰে স্থানীয় বাসিন্দাই ।
পশ্চিম বংগৰ মালদাত বজ্ৰপাতত নিহত ২ গৰাকী, আহত ৫ - পশ্চিম বংগৰ মালদা
দেওবাৰে পশ্চিমবংগৰ মালদাত বজ্ৰপাতত নিহত হয় দুগৰাকী মহিলাৰ । তাৰোপৰি আহত হয় পাঁচ গৰাকী । দেওবাৰে প্ৰায় ১২:৩০ বজাত অহা প্ৰচণ্ড বতাহ বৰষুণৰ লগতে হোৱা বজ্ৰপাতৰ সময়ত খেতি পথাৰত কাম কৰি থকা সময়তে সংঘটি হয় এই ঘটনা ।

পশ্চিম বংগ
আনহাতে, ঘটনা সন্দৰ্ভত এজন স্থানীয় লোকৰ ভাষ্য অনুসৰি, বতাহ, বৰষুণকে ধৰি বজ্ৰপাত পৰা সময়ত পথাৰত মহিলা কেইগৰাকীয়ে ভূই ৰুই আছিল । যাৰ ফলতে দেওবাৰে দুপৰীয়া ডোবলা গাঁৱত সংঘটিত এই ঘটনাত দোলতনগৰ অঞ্চলৰ নিবাসী জয় মণ্ডল আৰু সীমা মণ্ডলৰ ঘটনাস্থলীতে মৃত্যু হয় ।
আনহাতে, বজ্ৰপাত পৰি আহত হোৱা ব্যক্তিসকলক মালদা মেডিকেল কলেজ আৰু হাস্পতাল আৰু চঞ্চল ছুপাৰ স্পেচেলিটি হাস্পতালত ভৰ্তি কৰোৱা হয় । ইয়াৰ পূৰ্বেও মূৰ্ছিদাৱাদ জিলাত বজ্ৰপাতত দুটা ভিন্ন অঞ্চলত ৬ গৰাকী লোকৰ মৃত্যু হৈছিল ।