মিজোৰাম, 4 ডিচেম্বৰঃমিজোৰামত দুদিনীয়াকৈ অনুষ্ঠিত মিজোৰাম বিজ্ঞান সমাৰোহ 2020 ৷ মিজোৰামৰ বিজ্ঞান,প্ৰযুক্তিবদ্যা আৰু উদ্ভাৱন পৰিষদ(MISTIC), মিজোৰাম বিজ্ঞান পৰিষদ (MSS), মিজোৰাম শিক্ষক সন্থা আৰু মিজোৰামৰ ভূতত্ব সমিতিয়ে একত্ৰিতভাৱে দুদিনীয়াকৈ অনুষ্ঠিত কৰিছে অনলাইন বিজ্ঞান সমাৰোহখনি ৷
বৃহস্পতিবাৰে এই অনুষ্ঠানৰ উদ্বোধন কৰে মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগাই ৷ এই অনুষ্ঠানত তেখেতে সমাজত বিজ্ঞান আৰু বিজ্ঞানৰ প্ৰয়োজনীয়তা সন্দৰ্ভত ভাষণ প্ৰদান কৰে ৷ আনহাতে, শুকুৰবাৰে জলবায়ু পৰিৱৰ্তন সন্দৰ্ভত এক আলোচনাচক্ৰ অনুষ্ঠিত কৰা হয় ৷ এই আলোচনা চক্ৰত Agriculture & Allied, Life Sciences & Bio-Medical Sciences and Earth Sciences সন্দৰ্ভত ভাষণ প্ৰদান কৰে প্ৰফেচৰ এফ. লালনুনমাৱিয়াই ৷