শোণিতপুৰ, 8 নৱেম্বৰঃ দুদিনীয়া ভ্ৰমণসূচীৰে বৃহস্পতিবাৰেউত্তৰ-পূৰ্বাঞ্চলত উপস্থিত হয় সেনা প্ৰধান বিপিন ৰাৱট ৷ সেনা প্ৰধানগৰাকীৰ দুদিনীয়া ভ্ৰমণসূচীত শুকুৰবাৰে ডিমাপুৰৰ স্পিয়েৰ কৰ'পচ, কহিমা আৰু ইৰ্ষ্টান কামাণ্ডাৰৰ কালাকাটা পৰিদৰ্শন কৰে ৷ লগতে ডিমাপুৰ আৰু কহিমাত ভাৰতীয় সেনাৰ জ্যেষ্ঠ সেনা বিষয়াৰ সৈতেও বৈঠকত মিলিত হয় সেনা প্ৰধানমন্ত্ৰীগৰাকী ৷ সেনাপ্ৰধানগৰাকীয়ে নাগালেণ্ডৰ ৰাজ্যপাল আৰ এন ৰবিৰ সৈতেও এক বৈঠকত মিলিত হয় ৷
সেনা প্ৰধানগৰাকীয়ে নাগালেণ্ডৰ ৰাজ্যিক প্ৰশাসন আৰু চিজ ফায়াৰ মনিটৰিং গ্ৰুপৰ সৈতে আলোচনাত মিলিত হৈ ৰাজ্যিক বিষয়ববীয়া সকলক সীমান্তত সুৰক্ষা কটকটীয়া কৰিবৰ বাবে সহায় সহযোগিতা বিচাৰে ৷ দুদিনীয়া ভ্ৰমণত সেনা প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰতীয় সেনাৰ জোৱানসকলক আগন্তুক দিনবোৰত অধিক উৎসাহেৰে কাম কৰি যাবলৈ আহ্বান জনায় ৷