অসম

assam

By

Published : Oct 26, 2019, 11:49 PM IST

Updated : Oct 27, 2019, 12:23 AM IST

ETV Bharat / bharat

দুটা সন্তানৰ নীতিৰ ক্ষেত্ৰত ভাৰতৰ কেইখনমান ৰাজ্য

জনসংখ্যা ৰোধৰ লগত সংগতি ৰাখি ভাৰতবৰ্ষৰ কেইবাখনো ৰাজ্যই ইতিপূৰ্বে দুটা সন্তানৰ নীতি গ্ৰহণ কৰিছিল ৷ কিন্তু পৰৱৰ্তী সময়ছোৱাত বিভিন্ন কাৰণ বশত ৰাজ্যকেইখনে এই নীতিৰ প্ৰত্যাহাৰ কৰে ৷ দেশৰ আগশাৰীৰ কেইখন বাতৰি কাকতৰ তথ্যৰ ভিত্তিত লিখিত এটি টোকা.....

সৌজন্যঃ পৰিয়াল পৰিকল্পনা আয়োগ

নিউজ ডেস্ক, 26 অক্টোবৰঃ বিগত 21 অক্টোবৰত অসম চৰকাৰৰ কেবিনেট বৈঠকত এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ চৰকাৰী চাকৰিৰ ক্ষেত্ৰত 2021 চনৰ 1 জানুৱাৰীৰ পৰা যি সকলে ব্যক্তিৰ দুটাতকৈ অধিক সন্তান থাকিব তেওঁলোকে চৰকাৰী চাকৰি নোপোৱাৰ লগতে চৰকাৰী চাকৰিতো আবেদন কৰিব নোৱাৰিব ৷ কেবিনেটৰ সিদ্ধান্তৰ পাচতেই বিষয়টো সমগ্ৰ দেশজুৰি চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছিল ৷ কিন্তু তাৎপৰ্যপূৰ্ণ বিষয়টো হ'ল যে,অসম দেশৰ ভিতৰত একমাত্ৰ ৰাজ্য নহয় যি এই নীতি গ্ৰহণ কৰিছে ৷ ইয়াৰ পূৰ্বেও বিহাৰ,হিমাচল প্ৰদেশ, মধ্যপ্ৰদেশ,হাৰিয়ানা,অন্ধ্ৰঃপ্ৰদেশ,ৰাজস্থান,ওড়িশা,চট্টিশগড়,গুজাৰাট,মহাৰাষ্ট্ৰ, উত্তৰাখণ্ডত কিছু পৰিমাণে পৰ্যন্ত এই নীতি গ্ৰহণ কৰিছিল ৷ কিন্তু পৰৱৰ্তী সময়ত মধ্য প্ৰদেশ,চট্টিশগড়, হাৰিয়ানা, হিমাচল প্ৰদেশেদুটা সন্তানৰ নীতি সম্পূৰ্ণৰূপে প্ৰত্যাহাৰ কৰে ৷

ভাৰতৰ অন্য ৰাজ্যত দুটা সন্তানৰ নীতিঃ

ৰাজস্থানঃ ৰাজস্থানত দুটাতকৈ অধিক সন্তান থকা ব্যক্তিক চৰকাৰী চাকৰিৰ ক্ষেত্ৰত উপযুক্ত নহয় বুলি গণ্য কৰা হৈছিল ৷ ৰাজস্থান পঞ্চায়ত ৰাজ অধিনিয়ম 1994 অনুসৰি,যিসকল ব্যক্তিৰ দুটাতকৈ অধিক সন্তান থাকিব তেওঁলোকে পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব নোৱাৰিব ৷ কিন্তু পৰৱৰ্তী সময়তবসন্ধুৰা ৰাজে নেতৃত্বাধীন বিজেপি চৰকাৰে এই নীতি প্ৰত্যাহাৰ কৰে ৷

মধ্য প্ৰদেশ আৰু চট্টিশগড়ঃ 2001 চনত মধ্য প্ৰদেশ আৰু চট্টিশগড়ত এই নীতি গ্ৰহণ কৰা হৈছিল ৷ সেই অনুসৰি দুটাতকৈ অধিক সন্তান থকা ব্যক্তিয়ে চৰকাৰী চাকৰি কিম্বা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব নোৱাৰিব ৷ কিন্তু 2005 চনত দুয়োখন ৰাজ্যই এই নীতিৰ প্ৰত্যাহাৰ কৰে ৷

গুজৰাটঃ 2005 চনত গুজৰাটতনৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰে গুজৰাট স্থানীয় প্ৰশাসন অধিনিয়ম গ্ৰহণ কৰে ৷ অধিনিয়ম অনুসৰি দুটাতকৈ অধিক সন্তান থকা ব্যক্তি পঞ্চায়ত,পৌৰসভাৰ নিৰ্বাচনৰ বাবে অযোগ্য বুলি ঘোষণা কৰা হ'ব ৷

মহাৰাষ্ট্ৰঃ মহাৰাষ্ট্ৰ জিলা পৰিষদ আৰু পঞ্চায়ত সমিতি অধিনিয়ম অনুসৰি, যিসকল ব্যক্তিৰ দুটাতকৈ অধিক সন্তান থাকিব তেওঁলোক পঞ্চায়ত,পৌৰসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব নোৱাৰিব ৷ মহাৰাষ্ট্ৰ লোকসেৱা আয়োগ সৰু পৰিয়াল 2005 চনৰ অধিনিয়ম অনুসৰি যি সকল ব্যক্তিৰ দুটাতকৈ অধিক সন্তান থাকিব তেওঁলোক ৰাজ্য চৰকাৰৰ যিকোনো পদৰ বাবে অযোগ্য বুলি গ্ৰহণ কৰা হ'ব ৷ আনহাতে, যিসকল মহিলাৰ দুটাতকৈ অধিক সন্তান থাকিব তেওঁলোক ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ পৰাও বঞ্চিত থাকিব ৷

উত্তৰাখণ্ডঃ উত্তৰাখণ্ড বিধানসভাতো এই সন্দৰ্ভত প্ৰস্তাৱ গ্ৰহণ কৰা হয় ৷ কিন্তু চৰকাৰৰ এই সিদ্ধান্তৰ বিৰোধিতাৰে উত্তৰাখণ্ড উচ্চ ন্যায়ালয়ত এক আবেদন জনোৱা হয় ৷ তাৰ পাচতেই দুটাতকৈ অধিক সন্তান থকা বিধেয়কখন জিলা পঞ্চায়ত আৰু খণ্ড উন্নয়ন বিষয়াৰ সদস্য পদৰ বাবে প্ৰযোজ্য হ'ব বুলি ৰায়দান কৰে উচ্চ ন্যায়ালয়ে ৷

কৰ্ণাটকঃ কৰ্ণাটক গ্ৰাম্য স্বৰাজ আৰু পঞ্চায়ত ৰাজ অধিনিয়ম 1993 অনুসৰি, দুটাতকৈ অধিক সন্তান থকা ব্যক্তি স্থানীয় শাখা নিৰ্বাচনৰ বাবে যোগ্য নহয় বুলি গ্ৰহণ কৰা হ'ব ৷ লগতে উক্ত আইন অনুসৰি যদি কোনো ব্যক্তিৰঅনাময় শৌচাগাৰ নাথাকে তেন্তে সেই ব্যক্তিজনো নিৰ্বাচনত কোনো ধৰণৰ প্ৰতিদ্বন্দিতা আগবঢা়ব নোৱাৰিব ৷

ওড়িশাঃ ওড়িশাত যি সকল ব্যক্তিৰ দুটাতকৈ অধিক সন্তান তেওঁলোক জিলা পৰিষদৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াব নোৱাৰিব ৷

সৌজন্যঃইণ্ডিয়ান এক্সপ্ৰেছ, টাইমছ অফ ইণ্ডিয়া, ইণ্ডিয়া টুদে মেগাজিন ৷

Last Updated : Oct 27, 2019, 12:23 AM IST

ABOUT THE AUTHOR

...view details