অসম

assam

ETV Bharat / bharat

নিজ গাঁওখনক স্মাৰ্ট চিটিলৈ পৰিৱৰ্তনৰ চেষ্টা আজমেৰৰ দুই ভাতৃৰ - নিজাববীয়াকৈ স্মাৰ্ট চিটি নিৰ্মাণৰ পদক্ষেপ

নিজৰ কষ্টোপাৰ্জিত ধন ব্যয় কৰি নিজৰ গাঁওখনক স্মাৰ্ট চিটিলৈ পৰিৱৰ্তনৰ চেষ্টা পাডাংগা গাঁৱৰ দুই ভাতৃ বাল চন্দ জেইন আৰু সুনীল জেইনৰ ।

Two brothers of Ajmer turn their native village into a smart one
Two brothers of Ajmer turn their native village into a smart one

By

Published : Jun 5, 2020, 5:14 PM IST

ৰাজস্থান, 5 জুনঃৰাজস্থান আজমেৰত দুই ভাতৃৰ প্ৰশংসনীয় পদক্ষেপ। দৃঢ় প্ৰতিজ্ঞাবদ্ধৰে বাস কৰি অহা নিজৰ গাঁওখনক স্মাৰ্ট চিটিলৈ পৰিৱৰ্তনৰ চেষ্টা আজমেৰ পাডাংগা গাঁৱৰ দুই ভাতৃৰ । ভাৰতবৰ্ষৰ অন্যান্য বহু গাঁৱৰ দৰে পাডাংগা গাওঁটো প্ৰাথমিক সা-সুবিধাৰ অভাৱত জীয়াতু ভোগিবলগীয়া হৈছিল ইয়াৰ বাসিন্ধা সকল ।

20 বছৰ পূৰ্বে পাডাংগাৰ পৰা বাল চন্দ জেইন আৰু সুনীল জেইনে বিজয়নগৰলৈ স্থানান্তৰ হৈছিল যদিও পৈত্ৰিক গাঁওখনৰ সৈতে সমানেই ওতঃপ্ৰোত ভাৱে জড়িত হৈ আছিল ।

দুই ভাতৃৰ প্ৰশংসনীয় পদক্ষেপ

প্ৰাৰম্ভিক অৱস্থাত দুই ভাতৃয়ে গাওঁখনৰ এই অঞ্চলত সৰুকৈ বিকাশ অনাৰ চেষ্টা কৰিছিল । গাঁওবাসীয়েও তেওঁলোকৰ কাৰ্যক প্ৰশংসা কৰিছিল । পিচত গাঁওৱাসীয়ে সৰু ভাতৃক গাঁৱৰ মুখীয়া (চৰপঞ্জ) হ'বলৈ অনুৰোধ জনাইছিল । কিন্তু সেই অনুৰোধ বিনম্ৰ ভাৱে প্ৰত্যাখান কৰি নিজৰ জেষ্ঠ ভাতৃৰ নাম প্ৰস্তাৱ আগবঢ়াই দিছিল ।

বাল চন্দ জেইনে কয়,আমি আমাৰ মাতৃ প্ৰেম দেৱীৰ স্মৰণত এই গাঁওখনৰ বিকাশৰ ওপৰত কাম কৰি আছো । আমি বিশুদ্ধ খোৱাপানীৰ অভাৱৰ বিষয়ে বিশেষকৈ গুৰুত্ব প্ৰদান কৰিছো । আমি আমাৰ মাক ইতিমধ্যে হেৰুৱাই পেলাইছো ।

পাডাংগা গাঁওখনত বহু বছৰ-বছৰ ধৰি পানীৰ সমস্যাই দেখা দি আহিছে। গাওঁখনৰ এই সমস্যা দূৰ কৰিবলৈ দুই ভাতৃয়ে নিজৰ কষ্টোপাৰ্জিত ধন ব্যয় কৰিছে । বৰ্তমানলৈকে দুই ভাতৃয়ে চৰকাৰী কোনো সাহাৰ্য অবিহনে নিজৰ 2 কোটি টকা ব্যয় কৰা বুলি জানিবলৈ দিয়ে । আনহাতে গাঁৱখনত কংক্ৰিটৰ পথ নিৰ্মাণ কৰাৰ লগতে সকলো নলা-নৰ্দমা চাফাই কৰাইছে এই দুই ভাতৃয়ে ।

শেহতীয়াকৈ গাওঁখনত গছ-গছনি ৰোপণৰ লগতে বিদ্যুতৰ ব্য়ৱস্থাৰ ওপৰত কাম কৰি থকা হৈছে বুলি জানিবলৈ দিয়ে দুই ভাৃতয়ে । ইপিনে ৰাজনীতিত অংশগ্ৰহণৰ ইচ্ছা আছে নেকি প্ৰশ্নৰ উত্তৰত দুই ভাতৃয়ে ৰাজনৈতিক প্ৰৱণতাৰ প্ৰতি ব্যাকুল নহয় বুলি উল্লেখ কৰি কেৱল নিজৰ গাঁওখনক স্মাৰ্ট চিটিলৈ পৰিৱৰ্তন কৰা আৰু ইয়াৰ উন্নয়নৰ বাবে কাম কৰাই তেওঁলোকৰ প্ৰধান উদ্দেশ্য বুলি উল্লেখ কৰে ।

ABOUT THE AUTHOR

...view details