অসম

assam

ETV Bharat / bharat

মহাৰাষ্ট্ৰত এজন যুৱকক মাৰপিট কৰাৰ অপৰাধ দুজনক গ্ৰেপ্তাৰ - মহাৰাষ্ট্ৰৰ থানে জিলা

মহাৰাষ্ট্ৰ আৰক্ষীয়ে মঙলবাৰে গ্ৰেপ্তাৰ কৰে দুজন ব্যক্তিক । থানে জিলাৰ ৱাগলত এজন ১৮ বছৰীয়া যুৱকক ৰাজহুৱাভাৱে মাৰপিট কৰা ভিডিঅ' ভাইৰেল হোৱা পাচতে গ্ৰেপ্তাৰ কৰে ব্যক্তি দুজনক ।

মহাৰাষ্ট্ৰ
মহাৰাষ্ট্ৰত এজন যুৱকক ৰাজহুৱা স্থানত মাৰপিট কৰাৰ অপৰাধ দুজনক গ্ৰেপ্তাৰ

By

Published : Jun 24, 2020, 12:15 PM IST

নিউজ ডেস্ক, ২৪ জুনঃ মহাৰাষ্ট্ৰৰ থানে জিলাৰ ৱাগলে ইষ্টেটত মঙলবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দুজন ব্যক্তিক । এজন প্ৰায় ১৮ বছৰীয়া যুৱকক ৰাজহুৱাকৈ মাৰধৰ কৰা অভিযোগতে মঙলবাৰে ঘটনাৰ লগত জড়িত দুজন ব্যক্তিক গ্ৰেপ্তাৰ কৰে মহাৰাষ্ট্ৰ আৰক্ষীয়ে ।

মহাৰাষ্ট্ৰত এজন যুৱকক ৰাজহুৱা স্থানত মাৰপিট কৰাৰ অপৰাধ দুজনক গ্ৰেপ্তাৰ

বিগত ২০ জুনত এটা ভাইৰেল হোৱা ভিডিঅ'ত প্ৰায় পাঁচৰ পৰা ছয়জন ব্যক্তিয়ে সমূহীয়াভাৱে এজন ১৮ বছৰীয়া যুৱকক পাৰপিট কৰা প্ৰত্যক্ষ কৰা হৈছে ।

আনহাতে,ঘটনা সন্দৰ্ভত এগৰাকী মহাৰাষ্ট্ৰৰ আৰক্ষী বিষয়া কয় যে,২০ জুনত এটা ভিডিঅ' ভাইৰেল হৈছিল । য'ত এজন যুৱকক প্ৰায় পাঁচ জন ব্যক্তিয়ে ৰাজহুৱাকৈ মাৰপিট কৰাৰ উপৰিও যুৱকজনে পৰিধান কৰা কপোৰ ফালি দিয়া ভিডিঅ'টোত প্ৰত্যক্ষ কৰা হৈছে । ঘটনা সন্দৰ্ভত ভুক্তভোগীয়ে গোচৰ ৰুজু কৰাৰ পাচতে আমি তদন্ত কৰি ইতিমধ্যে দুজন ব্যক্তিক গ্ৰেপ্তাৰ কৰো । লগতে বাকী কেইজনক শীঘ্ৰে কৰায়ত্ব কৰিব বুলিও মত প্ৰকাশ কৰে আৰক্ষী বিষয়া গৰাকীয়ে ।

লগতে চাওকঃ কৰ্ণাটকৰ বৰ্ষীয়ান আইএএছ বিষয়াৰ বাংগালুৰুত আত্মহত্যা

ABOUT THE AUTHOR

...view details