নেশ্যনেল ডেস্ক, 25 ছেপ্তেম্বৰ :বৃহস্পতিবাৰে বিজেপি নেতা লংকা দিনাকৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক কটাক্ষ কৰে ৷ সংসদৰ বৰ্ষাকালীন অধিৱেশনত ৰাহুল গান্ধী অনুপস্থিত থকা বাবে সমালোচনা আগবঢ়াই দিনাকৰে ৷ বিদেশত অৱসৰ বিনোদন কৰি থকা বুলি মন্তব্য কৰাৰ লগতে ৰাহুল 'টুইটাৰ গান্ধী' হৈ পৰিছে বুলি মন্তব্য কৰে বিজেপি নেতাগৰাকীয়ে ৷
দিনাকৰে এক বিবৃতিত কয়, "ৰাহুল গান্ধী টুইটাৰ গান্ধী হৈ পৰিছে আৰু বিদেশত অৱসৰ বিনোদন কৰি থকা বাবে তেওঁক সংসদৰ অধিৱেশনত দেখা পোৱা নগ'ল ৷ তেওঁ এজন দায়িত্বহীন সাংসদ কিয়নো তেওঁ তথ্য-প্ৰমাণ নোহোৱাকৈ যিকোনো মন্তব্য কৰে ৷"