নেশ্যনেল ডেস্ক, 29 ডিচেম্বৰ:অভিনয়ৰ পাছতে এগৰাকী লেখিকা হিচাপে পৰিচিত টুইংকল খান্নাই মঙলবাৰে ইনষ্টাগ্ৰামৰ জৰিয়তে পিতৃ ৰাজেশ খান্নাৰ সৈতে থকা তেওঁৰ দুখন ফটো শ্বেয়াৰ কৰে ৷ পিতৃৰ সৈতে একে তাৰিখতে জন্ম লাভ কৰা টুইংকলে ফটো দুখন শ্বেয়াৰ কৰি এক হৃদয় ভৰা টোকা লিখে ৷
নিজৰ ডিজিটেল প্লেটফৰ্ম Tweak India ত টুইংকলে পিতৃৰ সৈতে একে তাৰিখতে জন্মদিন পালন কৰাৰ কাহিনী লিখিছে ৷ শৈশৱকালৰ বিশেষ মুহূৰ্তসমূহৰ বিষয়ে উল্লেখ কৰি টুইংকলে কেনেকৈ তেওঁক পিতৃয়ে টিনা বাবা বুলি মাতিছিল আৰু লগতে কেনেকৈ তেওঁৰ লালন পালন কাষৰ অন্য ছোৱালী সকলতকৈ পৃথক আছিল সেই বিষয়ে উল্লেখ কৰিছে ৷
পিতৃৰ বাবে টুইংকল আছিল বিশ্বৰ সৰ্বশ্ৰেষ্ঠ উপহাৰ ৷ এই কথা উল্লেখ কৰি ইনষ্টাগ্ৰামত পোষ্ট কৰা এখন ফটোৰ কাষত টুইংকলে এইবুলি লিখিছে, "He told my mother that I was the best present she could have ever given him as I entered the world, feet first, on his 31st birthday,"