নিউজ ডেস্ক, ১৮ এপ্ৰিলঃশেহতীয়াকৈ সমগ্ৰ বিশ্বতে আতংকৰ সৃষ্টি কৰা কৰণা ভাইৰাছক লৈ এইবাৰ বিপদত পৰিছে ভাৰতীয় নৌ-সেনা । বিগত কিছুদিন পূৰ্বে আমেৰিকান নৌ-সেনাৰ USS Theodore Roosevelt জাহাজৰ প্ৰায় ২৫০০ বিষয়া-জোৱান এই ভাইৰাছৰ কৱলত পৰিছিল । ইতিমধ্যে ভাৰতীয়-নৌসেনাতো এই ঘটনা সংঘটিত হৈছে । নৌ-সেনাৰ শীৰ্ষ সূত্ৰই এই কথা প্ৰকাশ কৰিছে । প্ৰথম অৱস্থাত ২১ গৰাকী নাবিকৰ দেহত এই ভাইৰাছ ধৰা পৰিছিল যদিও শেহতীয়াকৈ এই সংখ্যা ২৬ গৰাকীলৈ বৃদ্ধি পাইছে আৰু লগতে এই সংখ্যা অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে নৌ-সেনাই ।
মুম্বাইস্থিত ভাৰতীয়-নৌসেনাৰ INS Angreত কৰ্মৰত হৈ থকা ২৬ গৰাকী বিষয়া-জোৱান কৰ'ণা ভাইৰাছ আক্ৰান্ত হোৱাৰ তথ্য প্ৰকাশ কৰিছে নৌ-সেনাৰ কাৰ্যালয়ে । নৌ-সেনাৰ Western Naval Commandৰ অধীনস্থ INS Angre হৈছে এটা logistics and support চাউনী । উল্লেখ্য যে, এই চাউনীত থকা এগৰাকী নাবিকৰ দেহত ৭ এপ্ৰিলত ধৰা পৰিছিল কৰ'ণা ভাইৰাছ । পৰৱৰ্তী সময়ত নাবিকজনক মুম্বাইস্থিত নৌ-সেনাৰ চিকিৎসালয়ত ৰখা হৈছিল । কিন্তু একেটা চাউনীতে থকাৰ ফলত লগতে সংস্পৰ্শলৈ অহাৰ বাবে আন ২৫ গৰাকী নাবিকৰ দেহটো এই ভাইৰাছ সংক্ৰমিত হয় । শুকুৰবাৰে নাবিককেইজনৰ তেজৰ নমুনাৰ ফলাফলত মাৰাত্মক কৰ'ণা ভাইৰাছৰ উপস্থিতিৰ বিষয়ে নিশ্চিত হয় নৌ-সেনা ।