অসম

assam

ETV Bharat / bharat

বিহাৰৰ মুজফ্ফৰপুৰত শোকাৱহ দুৰ্ঘটনা, 12জনৰ মৃত্যু হোৱাৰ বিপৰীতে আহত 4জন - road accident in Muzaffarpur

মুজফ্ফৰপুৰত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাৰ ফলত ঘটনাস্থলীতে মৃত্যু 10 জন লোকৰ ৷ ইফালে চিকিৎসালয়ত মৃত্যু হয় অন্য দুজনৰ ৷ লগতে গুৰুতৰভাৱে আহত হয় 4জনকৈ লোকৰ ৷

twelve died in road accident in Muzaffarpur
বিহাৰৰ মুজফ্ফৰপুৰত শোকাৱহ দুৰ্ঘটনা

By

Published : Mar 7, 2020, 10:07 AM IST

নিউজ ডেস্ক,7 মাৰ্চঃবিহাৰৰ মুজফ্ফৰপুৰ জিলাত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ ট্ৰেক্টৰ আৰু স্কৰপিঅ'ৰ মাজত সংঘৰ্ষ হৈ মৃত্যু হয় 12জন লোকৰ ৷ লগতে গুৰুতৰভাৱে আহত হয় 4জনকৈ লোকৰ ৷ ইতিমধ্যে আহতসকলক প্ৰেৰণ কৰা হৈছে এচ.কে.এম.চি.এফ হাস্পতাললৈ ৷ জানিব পৰা মতে,ঘটনাটোৰ ফলত মৃত্যু হোৱা আটাইকেইজন লোক মুজফ্ফৰপৰ জিলাৰ হথৌড়ী অঞ্চলৰ ৷ ঘটনাস্থলীত কান্টী থানাৰ পুলিচ উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে ঘটনা সন্দৰ্ভত ৷

বিহাৰৰ মুজফ্ফৰপুৰত শোকাৱহ দুৰ্ঘটনা

ABOUT THE AUTHOR

...view details