নেশ্যনেল ডেস্ক, 4 জুলাই: কৰ্ণাটকৰ এখন চৰকাৰী হাস্পতালৰ চিকিৎসকে শনিবাৰে এগৰাকী মহিলাৰ পেটৰ পৰা 18 কেজি ওজনৰ টিউমাৰ উলিয়াবলৈ সক্ষম হয় ৷ চিক্কামাগালুৰুৰ নিবাসী 45 বছৰীয়া মহিলাগৰাকীৰ সাধাৰণ পেটৰ বিষ হোৱাৰ পিছতে এই চিকিৎসা আৰম্ভ হয় ৷
দীৰ্ঘদিনৰ পৰা মহিলাগৰাকীয়ে তেওঁৰ দেহত ওজন বৃদ্ধি হোৱা বুলি অনুমান কৰাৰ পিছতে তেওঁ স্বাস্থ্য পৰীক্ষা কৰে আৰু পৰীক্ষাৰ ফলাফলত টিউমাৰৰ উপস্থিতি ধৰা পৰে ৷