নেশ্যনেল ডেস্ক, 11 জুনঃ বিশ্ব জগতৰ প্ৰভুৰ প্ৰিয় তুলসী পাত ৷ তুলসী পাত হৈছে প্ৰভুৰ চৰণত আগবঢ়োৱা সমস্ত উপাসনাৰ এক অবিচ্ছেদ্য অংগ ৷ শ্ৰীজগন্নাথ প্ৰভুৰ প্ৰিয় তুলসী পাত তেওঁৰ বাবে উচৰ্গা কৰা যিকোনো ধৰণৰ পূজাৰ বাবেই অত্যাৱশ্যকীয় উপাদান ৷ তুলসী পাতেৰে সজ্জিত কৰা হয় তেওঁৰ আভূষণো ৷ তেওঁৰ শিৰতো ৰখা হয় তুলসী ৷ লগতে তেওঁৰ বাবে আগবঢ়োৱা প্ৰসাদৰ বাবেও তুলসী পাতৰ ব্যৱহাৰ প্ৰয়োজনীয় ৷ তুলসী পাত অবিহনে জগন্নাথ প্ৰভুৰ বাবে কৰা কোনো নিয়মেই সম্পূৰ্ণ নহয় ৷ যাৰ বাবে তেওঁক 'তুসলীপ্ৰেমী' ভগৱান হিচাপেও আখ্যা দিয়া হয় ৷ জগন্নাথ প্ৰভুৰ পূজাত তুলসী পাতে অধিকাৰ কৰি আহিছে এক সুকীয়া সত্বা ৷
তুলসী পাতৰ সমান্তৰালকৈ তুলসীৰে নিৰ্মিত মালাও ভগৱান জগন্নাথৰ বাবে অৰ্পন কৰা হয় ৷ তুলসী পাতৰ ব্যৱহাৰ অবিহনে কোনো ধৰণৰ প্ৰসাদ ভগৱানৰ আগত উচৰ্গা কৰা নহয় ৷ যিকোনো উৎসৱ-পাৰ্বনত তেওঁৰ পূজাৰ বাবে তেওঁক পৰিধান কৰোৱা আভূষণ তথা মূৰত পিন্ধোৱা 'টোপাৰ' আৰু 'তাহিয়া'ত তুলসীৰ ব্যৱহাৰ অনিবাৰ্য ৷ কিন্তু বছৰৰ নিৰ্ধাৰিত 11টা দিন তেওঁৰ বাবে তুলসী পাত অৰ্পন কৰা নহয় যেতিয়া তেওঁক 'অনাচাৰা ঘৰ'ত ৰখোৱা হয় ৷ অনাচাৰা ঘৰ হৈছে মন্দিৰৰ এক গোপন কোঠা, য'ত তেওঁক জ্বৰৰ পৰা বাছিবলৈ উপাচাৰ কৰোৱা হয় ৷ কিন্তু 11 দিন সম্পূৰ্ণ হোৱাৰ পিচত পুনৰ ভগৱান জগন্নাথৰ বাবে তুলসী অৰ্পন কৰা হয় ৷