অসম

assam

ETV Bharat / bharat

ভাগিনীয়েকৰ গ্ৰন্থ প্ৰকাশত নিষেধাজ্ঞ আৰোপ কৰিবলৈ ট্ৰাম্পৰ ভাতৃৰ আদালতত আবেদন - ৰাষ্ট্ৰপ্ৰতি ডোনাল্ড ট্ৰাম্প

আমেৰিকাৰ ৰাষ্ট্ৰপ্ৰতি ডোনাল্ড ট্ৰা'ম্পৰ ভাতৃয়ে এখন আদালতক জনোৱা অনুসৰি, নিউয়ৰ্ক চহৰৰ এজন ন্যায়ধীশৰ দ্ধাৰা তেওঁৰ প্ৰথম মন্তব্য শুনাৰ পিচত ৰাষ্ট্ৰপ্ৰতিৰ ভাগিনীয়েকৰ দ্ধাৰা সকলোবোৰ গ্ৰন্থ প্ৰকাশৰ ক্ষেত্ৰত প্ৰতিবন্ধকতা আৰোপ কৰা হৈছে । ৰবাৰ্ট ট্ৰা'ম্পৰ অধিবক্তাই জনোৱা অনুসৰি, ভাগিন মেৰি ট্ৰা'ম্পে দুই দশক পূৰ্বে ট্ৰা'ম্প পৰিয়ালৰ সদস্যৰ সৈতে এখন আইনী বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিছিল । যাৰ অধীনত এক গোপনীয়তাৰ ভিত্তিত প্ৰকাশৰ ক্ষেত্ৰত নিষেধাজ্ঞ জাৰি কৰিছিল ।

trumps-brother-asks-another-court-to-halt-nieces-book
trumps-brother-asks-another-court-to-halt-nieces-book

By

Published : Jun 28, 2020, 9:57 PM IST

নিউজ ডেস্ক, ২৮ জুন : আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰা'ম্পৰ ভাতৃয়ে এখন আদালতক জনোৱা অনুসৰি, নিউয়ৰ্ক চহৰৰ এজন ন্যায়ধীশৰ দ্ধাৰা তেওঁৰ প্ৰথম মন্তব্য শুনাৰ পিচত ৰাষ্ট্ৰপতিৰ ভাগিনীয়েকৰ সকলোবোৰ গ্ৰন্থ প্ৰকাশৰ ক্ষেত্ৰত প্ৰতিবন্ধকতা আৰোপ কৰা হৈছে ।

ৰবাৰ্ট ট্ৰা'ম্পৰ অধিবক্তাই জনোৱা অনুসৰি, ভাগিন মেৰি ট্ৰা'ম্পে দুই দশক পূৰ্বে ট্ৰা'ম্প পৰিয়ালৰ সদস্যৰ সৈতে এখন আইনী বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিছিল । যাৰ অধীনত এক গোপনীয়তাৰ ভিত্তিত প্ৰকাশৰ ক্ষেত্ৰত নিষেধাজ্ঞ জাৰি কৰিছিল । লগতে উল্লেখিত চুক্তিত মেৰি ট্ৰা'ম্পে আথিক নিস্পত্তি কৰাৰ কথাও উল্লেখ কৰিছে ।

ভাগিনীয়েকৰ গ্ৰন্থ প্ৰকাশৰ ক্ষেত্ৰত নিষেধাজ্ঞ আৰোপ কৰিবলৈ ট্ৰাম্পৰ ভাতৃৰ আদালতত আবেদন

নিউয়ৰ্ক চহৰৰ চৰোগ্ৰতচ আদালতৰ বিচাৰপতি পীটৰ কেলিয়ে বৃহস্পতিবাৰে ৰবাৰ্ট ট্ৰা'ম্পৰ নিষেধাজ্ঞৰ অনুৰোধ খাৰিজ কৰে আৰু জনাই যে, আদালতৰ শুনানীৰ বাবে ক্ষেত্ৰধিকাৰৰ অভাৱ হৈছে । তাৰ পিচতে ৰবাৰ্ট ট্ৰা'ম্পৰ অধিবক্তাই শুকুৰবাৰে উক্ত বিষয় সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত আবেদন জনাই ।

ৰবাৰ্ট ট্ৰাম্পৰ প্ৰধান এন্তটি চালৰ্চ হাবাৰ্ডয়ে শনিবাৰে এক বিবৃতিত প্ৰকাশ কৰিছে যে, মেৰি টা'ম্পে ২০ বছৰৰ পৰা চুক্তিৰ পুৰস্কাৰ সংগ্ৰহ কৰিছে । যাৰ জৰিয়তে চুক্তি উলংঘনৰ চেষ্টা চলাইছে । লগতে তেওঁ জনাই যে, স্বেচ্ছাসেবী চুক্তি কাৰ্যকৰী কৰা আমাৰ আইনী ব্যৱস্থাৰ স্তম্ভ ।

উল্লেখযোগ্য যে, মেৰী টা'ম্প হৈছে ফ্ৰেড ট্ৰা'ম্পৰ কন্যা । যি গৰাকী ব্যক্তিৰ ১৯৮১ চনত মৃত্যু হৈছিল । সেই সম্পৰ্কত এখন অনলাইন গ্ৰন্থ “ Too Much and Never Enough ” যিখন গ্ৰন্থত আঘাত বিনাশকাৰী আৰু দুখ সম্পৰ্কত আলোকপাত কৰা হৈছিল ।

গ্ৰন্থখন প্ৰকাশৰ ক্ষেত্ৰত আদালতৰ নিৰ্দেশনা অনুসৰি, মনোবিজ্ঞানিক দৃষ্টি ভংগীৰ জৰিয়তে ব্যক্তিগত জীৱনৰ বহু তথ্য গ্ৰন্থখনত আলোকপাত কৰা হৈছিল । যাৰবাবে প্ৰকাশৰ ক্ষেত্ৰত নিষেধাজ্ঞ আৰোপ কৰিবলৈ ট্ৰাম্পৰ ভাতৃয়ে আদালতক অনুৰোধ জনাইছে ।

ABOUT THE AUTHOR

...view details