নিউজ ডেস্ক, 8 এপ্ৰিলঃ ভাৰতে কোভিড-19 মহামাৰীৰ সময়তে মেলেৰিয়া প্ৰতিৰোধী প্ৰতিষেধকৰ ওপৰত আৰোপ কৰা নিষেধাজ্ঞা উঠাই লোৱাৰ পিচতে মোডীৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প ৷ হাইড্ৰক্সিক্ল’ৰ’কুইনৰ ওপৰত ভাৰতে আৰোপ পৰা নিষেধাজ্ঞা উঠাই ল’বলৈ প্ৰথমে ভাবুকি আৰু এতিয়া নিষেধাজ্ঞা উঠাই লোৱাৰ পিচত প্ৰশংসাৰে উপচাই পেলাইছে আমেৰিকাই ৷
প্ৰধানমন্ত্ৰীৰ ঘোষণাৰ পিচতেই প্ৰশংসাত পঞ্চমুখ ট্ৰাম্প ! - trump retaliation india
ভাৰতে হাইড্ৰক্সিক্ল’ৰ’কুইনৰ ৰপ্তানি বন্ধ কৰি দিয়াক লৈ সাৱধানবাণী প্ৰদান কৰিছিল আমেৰিকাই ৷ ইয়াৰ পৰৱৰ্তী সময়ত এই ঔষধৰ ওপৰত থকা নিষেধাজ্ঞা উঠাই লৈছিল মোডীয়ে ৷ মোডীৰ এই কাৰ্যক এতিয়া প্ৰশংসাৰে উপচাই পেলাইছে ট্ৰাম্পে ৷
এক টেলিফোনিক বাৰ্তালাপৰ মাজতে ট্ৰাম্পে এইকথা প্ৰকাশ কৰে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে হোৱা বাৰ্তালাপৰ পিচতে ট্ৰাম্পে 29 মিলিয়ন হাইড্ৰক্সিক্ল’ৰ’কুইন ক্ৰয় কৰিব বুলি উল্লেখ কৰে ট্ৰাম্পে ৷ প্ৰথম অৱস্থাত এই মেডিচিন তেওঁ ভাৰতৰ বাবে ৰাখিবলৈ ব্যৱস্থা কৰিছিল যদিও অৱশেষত আমেৰিকাক এই মেডিচিন বিক্ৰী কৰিবলৈ মান্তি হয় ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী এগৰাকী মহৎ ব্যক্তিত্বৰ অধিকাৰী ৷
উল্লেখ্য যে, সোমবাৰে ট্ৰাম্পে ভাৰতে আৰোপ কৰা নিষেধাজ্ঞা উঠাই নল’লে ভাৰতৰ ওপৰত প্ৰতিশোধমুলক ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি প্ৰকাশ কৰিছিল ৷ দিল্লীয়ে কৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখিয়ে এই ড্ৰাগৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছিল ৷