অসম

assam

ETV Bharat / bharat

আহমেদাবাদ, আগ্ৰা আৰু দিল্লীত কি কি কৰিব ট্ৰাম্পে ? - ‘নমস্তে ট্ৰাম্প’

প্ৰথম আস্থান হিচাপে আহমেদাবাদত নিৰ্ধাৰিত তিনি ঘণ্টাৰ সময়সূচীত সবৰমতী আশ্ৰম দৰ্শন আৰু এক সাধাৰণ দুপৰীয়াৰ আহাৰো আছে বুলি এক সূত্ৰই জানিবলৈ দিছে ।

আহমেদাবাদ, আগ্ৰা আৰু দিল্লীত কি কি কৰিব ট্ৰাম্পে?
আহমেদাবাদ, আগ্ৰা আৰু দিল্লীত কি কি কৰিব ট্ৰাম্পে?

By

Published : Feb 20, 2020, 3:32 PM IST

Updated : Feb 20, 2020, 3:38 PM IST

প্ৰতিৰক্ষা,শক্তি বৈঠকৰ মূল বিষয়, বাণিজ্য চুক্তিৰ সম্ভাৱনা নাইঃ

আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড জে ট্ৰাম্পক তেওঁৰ প্ৰথমটো ভাৰত ভ্ৰমণত অহা ২৪-২৫ ফেব্ৰুৱাৰীত ৰঙা দলিচা পাৰি আদৰিবলৈ মোদী চৰকাৰে সকলো প্ৰস্তুতি অব্যাহত ৰাখিছে । তিনিখন চহৰৰ দুদিনিয়া ভ্ৰমণসূচীত প্ৰথমতে এয়াৰ ফৰ্চ কেৰিয়াৰৰ জৰিয়তে ২৪ ফেব্ৰুৱাৰীৰ দুপৰীয়া চৰ্দাৰ বল্লভভাই পেটেল আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত উপস্থিত হ’ব। প্ৰট’কল ভাঙি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিমান বন্দৰত ডনাল্ড ট্ৰাম্প আৰু ফাৰ্ষ্ট লেডী মেলানিয়া ট্ৰাম্পক আদৰণি জনাব। এক বিশাল জনসমাগমে,যদিও মিলিয়নৰ ওপৰত মিলিয়ন নহয়,ৰাস্তাৰ কাষে কাষে ২২ কিল’মিটাৰ জোৰা ৰোড শ্ব'ৰে আদৰিব আৰু ইয়াৰ বাবে চহৰখনত প্ৰায় ১২ হাজাৰ নিৰাপত্তাৰক্ষী নিয়োজিত কৰা হ’ব ।

প্ৰথম আস্থান হিচাপে আহমেদাবাদত নিৰ্ধাৰিত তিনি ঘণ্টাৰ সময়সূচীত সবৰমতী আশ্ৰম দৰ্শন আৰু এক সাধাৰণ দুপৰীয়াৰ আহাৰো আছে বুলি এক সূত্ৰই জানিবলৈ দিছে ।

দুয়োগৰাকী শীৰ্ষ নেতাই নাগৰিক সমাজৰ সদস্যসকলৰ সৈতে বাৰ্তালাপ কৰাৰ লগতে দুপৰীয়াৰ পাছৰ ফালে মটেৰাৰ নতুন ক্ৰিকেট ষ্টেডিয়ামত এক বিশাল জন সমাবেশক সম্বোধন কৰিব । এই ‘নমস্তে ট্ৰাম্প’ অনুষ্ঠান বিগ বৰ্ষত হিউষ্টনৰ‘হাউডি মোদী’তকৈ ডাঙৰ হ’ব বুলি আশা কৰা হৈছে । ‘হাউডি মোদী’ অনুষ্ঠানত প্ৰথমবাৰৰ বাবে আমেৰিকা ভ্ৰমণত যোৱা ভাৰতীয় প্ৰধানমন্ত্ৰী এগৰাকীৰ সৈতে গাদীত থকা আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে ৰাজহুৱা অনুষ্ঠানত অংশগ্ৰহণ কৰা দেখা পোৱা গৈছিল। এক সূত্ৰই নিশ্চিত কৰা অনুসৰি ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প আৰু তেওঁৰ পত্নীয়ে ইয়াৰ পাছতে আগ্ৰালৈ উৰা মাৰিব য’ত তেওঁলোকক আদৰিব উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে । তেওঁলোকে ঐতিহাসিক প্ৰেমৰ স্বাক্ষৰ তাজমহলত কিছু সময় অতিবাহিত কৰাৰ পাছত দিল্লীলৈ উৰা মাৰিব । ২৫ ফেব্ৰুৱাৰীৰ চৰকাৰী কাৰ্যসূচীৰ ভিতৰত আছে ৰাষ্ট্ৰপতি ভৱনত গাৰ্ড অৱ্ অনাৰ,ৰাজহাটত মাল্যাৰ্পণ, হায়দৰাবাদ ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে চৰকাৰী ৰুদ্ধদ্বাৰ আৰু প্ৰতিনিধিমূলক বৈঠক,চৰকাৰী ভোজ,নেতাসকলৰ দ্বাৰা সৌজন্যমূলক সাক্ষাৎ,আমেৰিকান দূতাবাসত সাক্ষাৎ আৰু অভিবাদন আৰু ৱাশ্বিংটন ডিচিলৈ তেওঁৰ প্ৰস্থানৰ পূৰ্বে ৰাষ্ট্ৰপতিৰ ষ্টেট বেনকুৱেট । যুটীয়া প্ৰেছ বিবৃতিৰ পাছত দুয়োগৰাকী নেতাই আমেৰিকা আৰু ভাৰতীয় সংবাদ মাধ্যমৰ পৰা এটা বা দুটাকৈ প্ৰশ্ন গ্ৰহণ কৰিব নে এটা প্ৰশ্নৰো উত্তৰ নিদিয়ে নাই সেয়া এতিয়াও নিৰ্ধাৰণ হোৱা নাই ।

চৰকাৰী বৈঠকৰ পাছত আমেৰিকাৰ ৰুছভেল্ট হাউছত চাকৰি সৃষ্টি কৰা কোম্পানীসমূহৰ মুখ্য কাৰ্যবাহী বিষয়াসকলৰ সৈতে ডনাল্ড ট্ৰাম্পে আলোচনাত ভাগ লোৱাৰ সম্ভাৱনা আছে । একেটা দিনতে এক পৃথক ঘূৰণীয়া মেল উদ্যোগ খণ্ড আৰু চি আই আই,আনান্তা এছপেন আৰু ইউ এছ আই বি চি আদি প্ৰতিষ্ঠানে যুটীয়াভাৱে আয়োজন কৰিব। সমান্তৰালভাৱে দুয়োগৰাকী শীৰ্ষ নেতাৰ অনুপস্থিতিত ঔদ্যোগিক বৈঠকত ৫০০ মিলিয়ন আমেৰিকান ডলাৰৰ ভাৰত-আমেৰিকা বৈদেশিকক চুক্তি সম্পৰ্কত আলোচনা কৰা হ’ব । আন এক পৃথক অনুষ্ঠানত আমেৰিকাৰ ফাৰ্ষ্ট লেডীয়ে দিল্লীৰ চৰকাৰী বিদ্যালয়সমূহ পৰিদৰ্শন কৰাৰ লগতে শিক্ষাৰ্থীসকলৰ সৈতে মত বিনিময় কৰিব । চৰকাৰী বিদ্যালয়সমূহৰ সংস্কাৰক অন্যতম বিষয় হিচাপে লৈ নিৰ্বাচনত অৱতীৰ্ণ হৈ দিল্লীৰ বিধানসভা নিৰ্বাচনত অৰবিন্দ কেজৰিৱালে জয়ী হৈ পুনৰ ক্ষমতাত অধিষ্ঠিত হোৱাৰ পাছতে আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ পত্নীৰ এই স্কুল পৰিদৰ্শন নিতান্তই তাৎপৰ্যপূৰ্ণ ।

আমেৰিকাৰ বাণিজ্যিক প্ৰতিনিধি লাইটহিজাৰে এই ভ্ৰমণ কালত ট্ৰাম্পক সংগ প্ৰদান নকৰাৰ পৰিপ্ৰেক্ষিতত এক ক্ষুদ্ৰ বাণিজ্যিক চুক্তিৰ সম্ভাৱনা নাই বুলিয়েই ক’ব পাৰি। কৃষি,দুগ্ধজাত আৰু চিকিৎসা সামগ্ৰী বা আদিৰ ক্ষেত্ৰত বিগত আঠ মাহে চলি থকা বুজাবুজি স্তব্ধ হৈ পৰিছে । সূত্ৰৰ তথ্য অনুসৰি বৈঠক আৰু ঘোষণাৰ মূল বিষয়সমমূহ হ’ব প্ৰতিৰক্ষা আৰু শক্তি খণ্ড। কিয়নো ভাৰতে আমেৰিকাৰ সৈতে থকা ট্ৰেড ছাৰপ্লাছ হ্ৰাস কৰিব বিচাৰিছে । আমেৰিকাৰ সৈতে ভাৰতৰ ট্ৰেড ছাৰপ্লাছ ৩০ বিলিয়ন ডলাৰৰ পৰা বৰ্তমান ১৬ বিলিয়ন আমেৰিকালৈ নামিছে ।

লগতে চাওকঃ দুগৰাকী ছাত্ৰীৰে চলিছে বাক্সাৰ এখন বিদ্যালয়

Last Updated : Feb 20, 2020, 3:38 PM IST

ABOUT THE AUTHOR

...view details