নিউজ ডেস্ক, ৫ এপ্ৰিলঃ আমেৰিকা যুক্তৰাষ্ট্ৰাত কৰ'ণা ভাইৰাছে ত্ৰাসৰ সৃষ্টি কৰাৰ সময়তেই ভাৰতৰ পৰা সহায় বিচাৰিলে ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে ৷ শনিবাৰে মোডীৰ সৈতে হোৱা এক বাৰ্তালাপত আমেৰিকাৰ বাবে মেলেৰিয়া ৰোগত ব্য়ৱহৃত "Hydroxycholoroquine"প্ৰতিষেধক দিয়াৰ আহ্বান জনালে ড'নাল্ড ট্ৰাম্পে । অৱশ্যে শেহতীয়াকৈ ভাৰতে এই প্ৰতিষেধক ৰপ্তানীৰ ক্ষেত্ৰত নিষেধজ্ঞা জাৰি কৰিছিল ।
হোৱাইট হাউছৰ এক সন্মিলনত মোডীৰ সৈতে ফোনত হোৱা বাৰ্তালাপৰ কথা উল্লেখ কৰি ট্ৰাম্প কয় যে, ভাৰতে অত্য়াধিক হাৰত উৎপাদন কৰে মেলেৰীয়া ৰোগত ব্যৱহৃত হোৱা Hydroxycholoroquine নামৰঔষধবিধ । এই সন্দৰ্ভত ভাৰত চৰকাৰে গুৰুত্ব সহকাৰে চিন্তা কৰিব বুলি জানিবলৈ দিছে ।
ট্ৰাম্পে লগতে কয় যে, আমেৰিকাৰ নিৰ্দেশৰ প্ৰতি যদি ভাৰতে সহাৰি জনায় তেন্তে সংকটৰ সময়ত ভাৰতৰ এই মহানুভৱতাক শলাগ ল'ব । অৱশ্যে মাৰ্কিন যুক্তৰাষ্ট্ৰই ভাৰতৰ পৰা কিমান পৰিমাণৰ এই প্ৰতিষেধক বিচাৰিছে সেই তথ্য় ৰাজহুৱা কৰা হোৱা নাই ।