অসম

assam

By

Published : Jun 16, 2020, 3:47 PM IST

ETV Bharat / bharat

আমেৰিকাত আৰক্ষী সংস্কাৰ আইন গৃহীত ট্ৰাম্পৰ

সমগ্ৰ আমেৰিকা যুক্ত ৰাষ্ট্ৰতে জৰ্জ ফ্লয়ডৰ আৰক্ষীৰ হাতত মৃত্যু হোৱা ঘটনাৰ পিছতে আৰক্ষীৰ আইন সংস্কাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰা হৈছিল। অৱশেষত জনসাধাৰণৰ প্ৰতিবাদত চৰকাৰ বাধ্য হৈ মঙলবাৰে আৰক্ষী সংস্কাৰ আইন স্বাক্ষৰ কৰিব ট্ৰাম্পে ।

আমেৰিকাত আৰক্ষী সংস্কাৰ আইনত স্বাক্ষৰ ট্ৰাম্পৰ
আমেৰিকাত আৰক্ষী সংস্কাৰ আইনত স্বাক্ষৰ ট্ৰাম্পৰ

নিউজ ডেস্ক,১৬ জুনঃ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে সোমবাৰে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে যে আমেৰিকাত আৰক্ষীৰ সংস্কাৰৰ বাবে কাৰ্য্যবাহী সিদ্ধান্তত স্বাক্ষৰ কৰিব মঙলবাৰে । লগতে ট্ৰাম্পে উল্লেখ কৰে যে এই সংস্কাৰ জৰিয়তে আইনী ব্যৱস্থাতো মুক্ত আৰু সকলোৰে বাবে সুৰক্ষিত কৰি তুলা হ'ব যাতে সকলোৰে নিৰাপত্তা নিশ্চিত কৰিব পৰা যায়।

আমেৰিকাত আৰক্ষী সংস্কাৰ আইনত স্বাক্ষৰ ট্ৰাম্পৰ

ইফালে যোৱা বৃহস্পতিবাৰে প্ৰশাসনৰ লগত হোৱা এখন সভাতে ট্ৰাম্পে আৰক্ষীৰ সংস্কাৰৰ সিদ্ধান্ত কাৰ্যবাহী সভাতে সম্পূৰ্ণ কৈ প্ৰস্তত কৰি উলিয়াইছিল আইনখন । উক্ত সংস্কাৰৰ জৰিয়তে আৰক্ষীৰ ব্যক্তিগত ব্যৱহাৰ আৰু আচৰণ কৰ্তব্য কৰি থকাৰ সময়তে কেনেকুৱা হোবা প্ৰয়োজন এই আটাইবোৰ দিশ সামৰি আৰক্ষী সংস্কাৰ নীতি প্ৰস্তত কৰা হৈছে বুলি জানিবলৈ দিয়ে ট্ৰাম্পে ।

উল্লেখযোগ্য যে ৰাষ্ট্ৰখনত শেহতীয়াকৈ আৰক্ষীৰ আইন খনৰ সংস্কাৰৰ বাবে সকলোৱে দাবী জনাই আহিছিল জৰ্জ ফ্লয়ডৰ আৰক্ষীৰ হাতত মৃত্যু হোৱাৰ পিছতেই । সমগ্ৰ ৰাষ্ট্ৰখনতে প্ৰতিবাদ সাব্যস্ত কৰা হৈছিল আৰক্ষী আৰু চৰকাৰৰ বিৰুদ্ধে । অবশেষত চৰকাৰে জনসাধাৰণৰ প্ৰতিবাদত বাধ্য হৈ আৰক্ষীৰ আইনৰ সংস্কাৰৰ সিদ্ধান্ত গ্ৰহণ কৰে ।

লগতে পঢকঃ দল সংগঠনৰ প্ৰতিবাদক নেওচি মুকলি কৰা হ'ল মদনপুৰস্থিত টোলগেট

ABOUT THE AUTHOR

...view details