অসম

assam

ETV Bharat / bharat

মহাৰাষ্ট্ৰত স্ক'ৰপিঅ' আৰু ট্ৰাকৰ মাজত সংঘৰ্ষঃ নিহত 6 - মহাৰাষ্ট্ৰৰ চন্দ্ৰপুৰত পথ দুৰ্ঘটনা

এখন স্ক'ৰপিঅ' গাড়ীয়ে খুন্দা মৰাৰ ফলত 6 জনকৈ লোক নিহত হোৱাৰ লগতে 6 জন লোক গুৰুতৰভাৱে আহত হয় ৷

মহাৰাষ্ট্ৰৰ চন্দ্ৰপুৰত পথ দুৰ্ঘটনা
মহাৰাষ্ট্ৰৰ চন্দ্ৰপুৰত পথ দুৰ্ঘটনা

By

Published : Feb 20, 2020, 9:40 AM IST

নিউজ ডেস্ক, 20 ফেব্ৰুৱাৰীঃ বুধবাৰে মাজনিশা মহাৰাষ্ট্ৰৰ চন্দ্ৰপুৰ জিলাত সংঘটিত হয় শোকাৱহ পথ দুৰ্ঘটনা ৷ জিলাখনৰ মূল ৰাজপথত ৰৈ থকা এখন ট্ৰাকক পাছৰ পৰা এখন স্ক'ৰপিঅ' বাহনে খুন্দা মৰাৰ ফলত 6 জনকৈ লোক নিহত হোৱাৰ লগতে 6 জন লোক গুৰুতৰভাৱে আহত হয় ৷ স্থানীয় লোকৰ তৎপৰতাত আহতসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷

মহাৰাষ্ট্ৰৰ চন্দ্ৰপুৰত পথ দুৰ্ঘটনা

জানিব পৰা মতে, আটাইকেইজন যাত্ৰী চন্দ্ৰপুৰৰ পৰা গোন্দিয়াৰ দেৱদৰ্শনৰ বাবে আহিছিল ৷ দৰ্শনৰ পৰা উভতাৰ পথত দুৰ্ঘটনাত পতিত হয় যাত্ৰীসকল ৷ ইতিমধ্যে নিহতসকলক চিনাক্তকৰণ কৰি উলিয়াইছে আৰক্ষীয়ে ৷

লগতে পঢ়কঃ তামিলনাডুত ভয়াৱহ পথ দুৰ্ঘটনাঃ নিহত 20

ABOUT THE AUTHOR

...view details