নিউজ ডেস্ক, 9 ছেপ্তেম্বৰঃ ইজনৰ পিচত সিজন কংগ্ৰেছী নেতাৰ বাবে বিপদ হৈ দেখা দিছে কেন্দ্ৰীয় চৰকাৰ ৷ শেহতীয়াকৈ মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী কমল নাথৰ বিৰুদ্ধে গৃহমন্ত্ৰালয়ে বিশেষ তদন্তকাৰী দল গঠন কৰি 1984 চনত শিখসকলৰ বিৰুদ্ধে সংঘটিত হোৱা সাম্প্ৰদায়িক সংঘৰ্ষৰ তদন্তৰ নিৰ্দেশ প্ৰদান কৰিছে ৷ দিল্লীৰ শিৰোমণি আকালী দলৰ বিধায়ক মনজিন্দৰ সিং চিৰচাই প্ৰকাশ কৰিছে এই তথ্য ৷
1984 চনৰ শিখ সাম্প্ৰদায়িক সংঘৰ্ষঃ গৃহ মন্ত্ৰালয়ৰ তদন্তৰ নিৰ্দেশ - গোচৰ সংখ্যা 601/84ৰ
1984 চনত শিখসকলৰ বিৰুদ্ধে সংঘটিত হোৱা সাম্প্ৰদায়িক সংঘৰ্ষৰ গোচৰৰ তদন্তৰ নিৰ্দেশ প্ৰদান কৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ৷ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে বিশেষ তদন্তকাৰী দল গঠন কৰি মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী কমল নাথৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশনা প্ৰদান কৰিছে ৷
1984 চনৰ শিখ সাম্প্ৰদায়িক সংঘৰ্ষঃ গৃহ মন্ত্ৰালয়ৰ তদন্তৰ নিৰ্দেশ
আকালী দলে ৰুজু কৰা গোচৰৰ ভিত্তিতে গোচৰ সংখ্যা 601/84ৰ পুনৰ তদন্তৰ নিৰ্দেশ প্ৰদান কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰালয়ে ৷ কেন্দ্ৰীয় গৃহমন্ত্ৰালয়ে বিশেষ তদন্তকাৰী দল গঠন কৰি সমগ্ৰ গোচৰটো পুনৰবাৰ পৰীক্ষা কৰাৰ লগতে কমল নাথৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰিছে ৷