অসম

assam

ETV Bharat / bharat

আগৰতলা আখাউৰা অনুপ্ৰৱেশ চেকপোষ্ট বন্ধ কৰাৰ সিদ্ধান্ত ত্ৰিপুৰা চৰকাৰৰ

কৰ’ণা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে ত্ৰিপুৰা চৰকাৰে দেওবাৰে ‘আগৰতলা আখাউৰা অনুপ্ৰৱেশ চেকপোষ্ট’ বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ ত্ৰিপুৰাৰ প্ৰধান গৃহ সচিব বৰুণ কুমাৰ চাহুৱে এক জাননীযোগে কয় যে,মহামাৰী ৰোগ আইন 1897ৰ অধীনত দেওবাৰৰ পৰা ‘আগৰতলা আখাউৰা অনুপ্ৰৱেশ চেকপোষ্ট’ অহা 31 মাৰ্চলৈকে বন্ধ কৰা হ’ব ৷

Tripura shuts border post with Bangladesh
আগৰতলা আখাউৰা অনুপ্ৰৱেশ চেকপোষ্ট বন্ধ কৰাৰ সিদ্ধান্ত ত্ৰিপুৰা চৰকাৰৰ

By

Published : Mar 23, 2020, 8:19 AM IST

নেশ্যনেল ডেক্স,23 মাৰ্চঃবাংলাদেশৰ পৰা ভাৰতত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰা প্ৰবাসী লোকসকলৰ ক্ষেত্ৰত ত্ৰিপুৰা চৰকাৰৰ এক বিশেষ সিদ্ধান্ত ৷ কৰ’ণা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে ত্ৰিপুৰা চৰকাৰে দেওবাৰে ‘আগৰতলা আখাউৰা অনুপ্ৰৱেশ চেকপোষ্ট’ বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ ত্ৰিপুৰাৰ প্ৰধান গৃহ সচিব বৰুণ কুমাৰ চাহুৱে এক জাননীযোগে কয় যে,মহামাৰী ৰোগ আইন 1897ৰ অধীনত দেওবাৰৰ পৰা ‘আগৰতলা আখাউৰা অনুপ্ৰৱেশ চেকপোষ্ট’ অহা 31 মাৰ্চলৈকে বন্ধ কৰা হ’ব ৷ 18 মাৰ্চ পৰ্যন্ত বাংলাদেশৰ পৰা ত্ৰিপুৰাত প্ৰৱেশ কৰা ভাৰতীয় লোকৰ সংখ্যা কেইবাগুণ বৃদ্ধি পাইছে বুলি জনায় প্ৰধান গৃহ সচিব গৰাকীয়ে ৷

প্ৰতিদিনে গড়ে 120 গৰাকী ভাৰতীয় লোক বাংলাদেশৰ পৰা ত্ৰিপুৰাত প্ৰৱেশ কৰে ৷ কিন্তু 20 আৰু 21 মাৰ্চত 802 গৰাকী ভাৰতীয় বাংলাদেশৰ পৰা ৰাজ্যখনত প্ৰৱেশ কৰাৰ তথ্য ইতিমধ্যে পোহৰলৈ আহিছে ৷ ত্ৰিপুৰাত উপস্থিত হোৱাৰ পিছত লোকসকল আগৰতলা বিমানবন্দৰৰ পৰা বিভিন্ন ৰাজ্যসমূহলৈ ভ্ৰমণ কৰে ৷ উল্লেখ্য যে,অধিক সংখ্যক প্ৰবাসী লোকে দেশত উপস্থিত হ’বলৈ বাংলাদেশৰ পথ গ্ৰহণ কৰে ৷ বাংলাদেশে এইপৰ্যন্ত আন্তঃৰাষ্ট্ৰীয় বিমানসেৱা সমূহ অব্যাহত ৰখাৰ বাবে বহু ভাৰতীয় লোকে বাংলাদেশত বিশেষকৈ ঢাকাত অৱতৰণ কৰি ত্ৰিপুৰালৈকে পথেৰে ভ্ৰমণ কৰে ৷

প্ৰধান গৃহ সচিব বৰুণ কুমাৰ চাহুৱে আৰু জানিবলৈ দিয়ে যে,বাংলাদেশৰ মাজেৰে ত্ৰিপুৰাত প্ৰৱেশ কৰা 10-15 গৰাকী লোকক কৰ’ণা ভাইৰাছত আক্ৰান্ত বুলি চিনাক্ত কৰা হৈছে ৷ আটাইকেইগৰাকীকে ইতিমধ্যে পৃথককৈ ৰখাৰ ব্যৱস্থা কৰা হৈছে ৷ বিগত শনিবাৰে বিষয়টো সন্দৰ্ভত মুখ্যমন্ত্ৰী বিপ্লৱ দেৱে এক পৰ্যালোচনা সভা অনুষ্ঠিত কৰে ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত ব্যক্ত কৰি কয় যে,‘মই প্ৰধান সচিবক বাংলাদেশ সীমান্ত বন্ধ কৰি দিয়া সন্দৰ্ভত কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ সৈতে মিলিত হৈ সিদ্ধান্ত গ্ৰহণৰ বাবে আদেশ প্ৰদান কৰিছো ৷‘

লগতে পঢ়ক-চুকমা এনকাউন্টাৰ : লৈ অনা হ'ল শ্বহীদ জোৱানৰ নিথৰ দেহ

ABOUT THE AUTHOR

...view details