অসম

assam

ETV Bharat / bharat

নাগালেণ্ড,অৰুণাচল,মণিপুৰ,মিজোৰামৰ দৰে ত্ৰিপুৰাক CAA ৰ পৰা দূৰত ৰাখকঃ জগদীশ দেৱবৰ্মা - ত্ৰিপুৰাৰ খিলঞ্জীয়াৰ "CAA" ৰ বিৰোধীতা

নাগৰিকত্ব সংশোধনী আইনৰ সমগ্ৰ বিষয়টোৰ পৰা ত্ৰিপুৰাক সম্পূৰ্ণৰূপে দূৰত ৰাখিবলৈ শুকুৰবাৰে গৃহমন্ত্ৰী অমিত শ্বাহক আবেদন জনায় ইণ্ডিজেনিয়াচ নেশ্চনেলিষ্ট পাৰ্টি অৱ টুইপ্ৰা (INPT) আৰু জইন্ট মোভমেন্ট এগেইনষ্ট চিটিজেনশ্চিপ এমেণ্ডমেন্ট এক্ট (JMACAA) ৰ নেতা সকলে ৷

JMACAA ৰ মুখপাত্ৰ জগদীশ দেৱবৰ্মা
JMACAA ৰ মুখপাত্ৰ জগদীশ দেৱবৰ্মা

By

Published : Jan 18, 2020, 1:28 PM IST

নতুন দিল্লী, 18 জানুৱাৰীঃ"যদি চৰকাৰে নাগালেণ্ড, অৰুণাচল প্রদেশ, মণিপুৰ, মিজোৰাম আৰু মেঘালয়ৰ ওপৰত "CAA" ৰ প্ৰভাৱ নেপেলায় তেন্তে ত্ৰিপুৰাক কিয় নোৱাৰে ৷ এই আইনখনে ৰাজ্যখনৰ সংস্কৃতি আৰু পৰিচয়ৰ ওপৰত ভয়াৱহ প্ৰভাৱ পেলাব ৷"ই টিভি ভাৰতৰ স'তে হোৱা এক সাক্ষাৎকাৰত এই মন্তব্য কৰে জইন্টমোভমেন্ট এগেইনষ্ট চিটিজেনশ্চিপ এমেণ্ডমেন্ট এক্টৰ মুখপাত্ৰ জগদীশ দেৱবৰ্মাই ৷

দৰাচলতে,নাগৰিকত্ব সংশোধনী আইনৰ সমগ্ৰ বিষয়টোৰ পৰা ত্ৰিপুৰাক সম্পূৰ্ণৰূপে দূৰত ৰাখিবলৈ শুকুৰবাৰে গৃহমন্ত্ৰী অমিত শ্বাহক আবেদন জনায় ইণ্ডিজেনিয়াচ নেশ্চনেলিষ্ট পাৰ্টি অৱ টুইপ্ৰা (INPT) আৰু জইন্টমোভমেন্ট এগেইনষ্ট চিটিজেনশ্চিপ এমেণ্ডমেন্ট এক্ট (JMACAA) ৰ নেতা সকলে ৷

JMACAA ৰ মুখপাত্ৰ জগদীশ দেৱবৰ্মাৰ CAA বিৰোধীতা

উল্লেখ্য যে শুকুৰবাৰে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য়সমূহৰ ৰাজনৈতিক দলৰ নেতাসকলৰ লগতে ভাৰতীয় জনতা দলৰ মৃত্ৰজোঁটৰ দল ইণ্ডিজেনিয়াচ পিপ'ল ফ্ৰ'ন্ট অৱ ত্ৰিপুৰা আৰু জইন্টমোভমেন্ট এগেইনষ্ট চিটিজেনশ্চিপ এমেণ্ডমেন্ট এক্টৰ নেতৃত্বক সাক্ষাৎ কৰে গৃহ মন্ত্ৰী অমিত শ্বাহে ৷

তিনিটা জনজাতীয় ৰাজনৈতিক দল ক্ৰমে, নেশ্চনেল কাউনচিল অৱ ত্ৰিপুৰা, ইণ্ডিজেনিয়াচ নেশ্চনেলিষ্ট পাৰ্টি অৱ ত্ৰিপুৰা, তিপ্ৰালেণ্ড ষ্টেট পাৰ্টিৰ লগতে বিভিন্ন সামাজিক সংগঠনৰ যৌথ মঞ্চত সৃষ্টি হয় জইন্টমোভমেন্ট এগেইনষ্ট চিটিজেনশ্চিপ এমেণ্ডমেন্ট এক্ট ৷

লগতে পঢ়কঃ CAAৰ বিৰুদ্ধে মৰাণত ভোজপুৰী যুৱ ছাত্ৰ পৰিষদৰ বিশাল প্ৰতিবাদী কাৰ্যসূচী

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details