অসম

assam

ETV Bharat / bharat

ইটিভি ভাৰতৰ সৈতে ত্ৰিপুৰাৰ ৰাজ্যপাল ৰমেশ বৈছৰ আছুতীয়া সাক্ষাৎকাৰ - কেন্দ্ৰীয় চৰকাৰে

সুদীৰ্ঘ ৯ মাহৰ অন্তত ছট্টিশগড়ৰ ৰায়পুৰত উপস্থিত ত্ৰিপুৰাৰ ৰাজ্যপাল ৰমেশ বৈছ । স্বামী বিবেকানন্দ বিমানবন্দৰত উপস্থিত হোৱাৰ লগে লগে সমৰ্থক আৰু কাৰ্যকৰ্তাসকলে তেওঁক আদৰণি জনায় । ইটিভি ভাৰতৰ সাংবাদিকৰ সৈতে হোৱা আছুতীয়া সাক্ষাৎকাৰত তেওঁ কেইবাটাও বিষয়ত মত প্ৰকাশ কৰে ।

ইটিভি ভাৰতৰ সৈতে ত্ৰিপুৰাৰ ৰাজ্যপাল ৰমেশ বৈছৰ আছুতীয়া সাক্ষাৎকাৰ
ইটিভি ভাৰতৰ সৈতে ত্ৰিপুৰাৰ ৰাজ্যপাল ৰমেশ বৈছৰ আছুতীয়া সাক্ষাৎকাৰ

By

Published : Dec 12, 2020, 5:25 PM IST

নেশ্যনেল ডেস্ক, ১২ ডিচেম্বৰ: ছট্টিশগড়ৰ ৰায়পুৰত উপস্থিত হোৱাৰ পিছত ইটিভি ভাৰতৰ সাংবাদিকৰ সৈতে হোৱা আছুতীয়া সাক্ষাৎকাৰত ত্ৰিপুৰাৰ ৰাজ্যপাল ৰমেশ বৈছে কয় যে, 'কৰ'ণাৰ ভয়াৱহ সংক্ৰমণ আৰু লকডাউনৰ বাবে বিগত ৯ মাহ ধৰি ছট্টিশগড়লৈ আহিব পৰা নাছিলো ।' COVID-১৯ মহামাৰীৰ সংকটকালত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থা সন্দৰ্ভত তেওঁ কয় যে, তেওঁ কৰ'ণাসৃষ্ট পৰিৱেশত নিজৰ কৰ্মস্থলীতে থাকি দায়িত্ব পালন কৰিছে ।

কেন্দ্ৰীয় চৰকাৰে প্ৰণয়ন কৰা কৃষি আইনৰ বিষয়ে মতামত বিচৰাত তেওঁ ৰাজনৈতিক বিষয়ত মন্তব্য আগবঢ়োৱাৰ পৰা বিৰত থাকে যদিও তেওঁ কয় যে, 'কেন্দ্ৰীয় চৰকাৰে যি কৰিছে সেয়া, কৃষকৰ কল্যাণৰ বাবে কৰিছে । কিছুমান মানুহে কৃষি আইনৰ অচিলাৰে ৰাজনীতিক লাভালাভ অৰ্জনৰ বাবে ইয়াক পৃথক ৰূপ দিছে' । ছট্টিশগড় চৰকাৰে কৰি থকা কাম সন্দৰ্ভত তেওঁ কয় যে, তেওঁ দীৰ্ঘ দিন ধৰি ৰাজ্যখনৰ বাহিৰত আছে আৰু এতিয়া ৰাজ্যপাল হিচাপে দায়িত্ব পালন কৰি আছে । সেয়েহে, ৰাজ্যত চৰকাৰ যি দলৰেই নহওক কিয়, ৰাইজৰ হিতৰ বাবে কাম কৰি যোৱাতো বিচাৰে ।

লগতে পঢ়ক:মই ৰাষ্ট্ৰপতিৰ দায়িত্ব লোৱাৰ পাচত কংগ্ৰেছৰ প্ৰভাৱ ধূসৰ হৈছিল: দ্য প্ৰেছিডেন্সিয়েল ইয়াৰ্ছ

ABOUT THE AUTHOR

...view details