অসম

assam

ETV Bharat / bharat

ত্ৰিপুৰাত নাবালিকাৰ গণধৰ্ষণ: এজনক আটক

পাহাৰীয়া ৰাজ্য ত্ৰিপুৰাত অন্যান্য অপৰাধমূলক ঘটনাৰ সমান্তৰালকৈ দৈনিক বৃদ্ধি পাইছে ধৰ্ষণৰ দৰে নাৰকীয় ঘটনাৰ । বিশেষকৈ নাৰীৰ সুৰক্ষা প্ৰদানৰ ক্ষেত্ৰত ব্যৰ্থ হৈছে ত্ৰিপুৰা চৰকাৰ । শেহতীয়াকৈ ৰাজ্যখনত পোহৰলৈ আহিছে এগৰাকী নাবালিকাৰ ধৰ্ষণৰ আন এক ঘটনা ।

By

Published : Aug 19, 2020, 7:36 PM IST

Updated : Aug 19, 2020, 8:30 PM IST

Tripura gang rape case: one arrested
ত্ৰিপুৰাত নাবালিকাৰ গণধৰ্ষণ:এজনক আটক

ত্ৰিপুৰা,১৯আগষ্ট: অন্যান্য অপৰাধমূলক ঘটনাৰ সমান্তৰালকৈ ত্ৰিপুৰাত দৈনিক বৃদ্ধি পাইছে ধৰ্ষণৰ দৰে নাৰকীয় ঘটনাৰ । শেহতীয়াকৈ ৰাজ্যখনৰ চিপহীজলা জিলাত সংঘটিত নাবালিকা গণ ধৰ্ষণৰ ঘটনাই জিলাখনত সৃষ্টি কৰিছে চাঞ্চল্যৰ।

ঘটণাৰ বিৱৰণি অনুসৰি, ১৬আগষ্টৰ সন্ধিয়া বাইদেৱেকৰ ঘৰত টিভি চাবলৈ যোৱাৰ সময়তে বিকু দেৱবাৰ্মা নামৰ এজন যুৱকে চিনেমাৰ আৰ্হিৰে ১৫ বছৰীয়া নাবালিকা গৰাকীক এখন মাৰুতি ভেনত ওঠাই সেই স্থানৰ পৰা উধাও হয় । লগত থকা চাৰি বন্ধুৰে মিলি নাবালিকা গৰাকীক দেহত নিচাযুক্ত পদাৰ্থৰ বেজী দি নিচাসক্ত কৰি ওপৰ্যোপৰি ধৰ্ষণ কৰে ।

বিশ্ৰামগঞ্জ আৰক্ষী থানাৰ অন্তৰ্গত এটা অঞ্চলৰ পৰা নাবালিকা গৰাকী নিৰুদ্দেশ হোৱাৰ কথা অৱগত হৈ পৰিয়ালৰ লোকে বিচাৰ খোচাৰ কৰি নাবালিকা গৰাকীৰ কোনো সম্ভেদ নাপাই এখন এজাহাৰৰ জৰিয়তে অৱগত কৰিছিল আৰক্ষীক।

ত্ৰিপুৰাত নাবালিকাৰ গণধৰ্ষণ:এজনক আটক

নাবালিকাৰ সন্ধানত আৰক্ষীয়ে অভিযান চলাই থকাৰ মাজতে দুদিন পিছত অৰ্থাৎ মঙ্গলবাৰে অপহৃত নাবালিকা গৰাকী উপস্থিত হয়হি নিজ গৃহত।

নাবালিকা গৰাকীয়ে দিয়া বিৱৰণি অনুসৰি বিকু দেৱবাৰ্মা নামৰ যুৱকজনে তিনি সহযোগীৰ সৈতে তেওঁৰ ওপৰত কৰিছিল গণ ধৰ্ষণ। নাবালিকা গৰাকীৰ ভাষ্য গ্ৰহণৰ পিছতেই আৰক্ষীয়ে মূল অভিযুক্ত বিকু দেৱবাৰ্মাক আটক কৰিবলৈ সক্ষম হৈছে যদিও এই গণ ধৰ্ষণৰ লগত জড়িত আন তিনি যুৱক বৰ্তমানেও পলাতক হৈয়ে আছে।

ত্ৰিপুৰাত নাবালিকাৰ গণধৰ্ষণ:এজনক আটক

ইফালে এই ঘৃণনীয় কাণ্ডৰ লগত জড়িত আটাইকে আৰক্ষীয়ে আটক কৰি উচিত শাস্তি প্ৰদানৰ দাবীত ত্ৰিপুৰাৰ শিশু সুৰক্ষা অধিকাৰ মঞ্চকে আদি কৰি বহু কেইটা দল সংগঠনৰ লগতে স্থানীয় লোকে বিশ্ৰামগঞ্জ আৰক্ষী থানাৰ চৌহদত প্ৰতিবাদ কৰিছে ।

এই নাৰকীয় ঘটনা পোহৰলৈ অহাৰ পিছতে ৰাজ্যখনত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । শেহতীয়াকৈ ৰাজ্যখনত হৈ অহা এনেবোৰ অপৰাধমূলক ঘটনা নিয়ন্ত্ৰণত ব্যৰ্থ চৰকাৰ খনক সকলোৱে গৰিহণা দিছে ।

Last Updated : Aug 19, 2020, 8:30 PM IST

ABOUT THE AUTHOR

...view details