নিউজ ডেস্ক, ২৩ জানুৱাৰী: উত্তৰ-পূৱ পৰিষদ চমুকৈ এন ই চিৰ ৬৯ সংখ্যক পূৰ্ণাংগ অধিৱেশনত ভাগ লোৱাৰ উদ্দেশ্যে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে শ্বিলঙলৈ ৰাওনা হয় । এই অধিৱেশনত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহো উপস্থিত থকাৰ সম্ভাৱনা কৰা হৈছে । ত্ৰিপুৰাৰ উন্নয়ন বিকাশৰ বাবে বিভিন্ন আঁচনি প্ৰস্তুত কৰি বিত্তীয় পুঁজিৰ বাবে এই অধিৱেশনত আলোচনা কৰিব বুলি আশা কৰা হৈছে ।
বৰ্তমান সময়ত কেন্দ্ৰীয় পৃষ্ঠপোষক আঁচনি চমুকৈ চি এচ এচ আৰু চি এ এচ পি আঁচনিৰ বাবে বিত্তীয় পুঁজি ৯০:১০ । বিশ্বজুৰি অতিমাৰী কৰ'ণা ভাইৰাছৰ কালচোৱাত এখন সৰু ৰাজ্য ত্ৰিপুৰাৰ বাবে এই আঁচনি ৰূপায়ণ কৰিবলৈ কিছু কঠিন হৈ পৰিছে । ইয়াৰ বাবে বিপ্লৱ কুমাৰ দেৱে আলোচনা কৰাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে ।
বহিৰাগত সাহায্যপ্ৰাপ্ত প্ৰকল্পৰ বাবে উত্তৰ-পূৱৰ ৰাজ্যসমূহে ২০ শতাংশ ঋণৰ বোজা পৰিশোধ কৰিব লাগে আৰু বাকী ৮০ শতাংশ ঋণ হিচাপে আগবঢ়োৱা হয় । ইতিমধ্যে এই সন্দৰ্ভত উপ-মুখ্যমন্ত্ৰী জিষ্ণু দেৱ বৰ্মাই কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণক এই পুঁজি আৱন্টনৰ বাবে অনুৰোধ জনাইছে ।