ত্ৰিপুৰা, 7 জানুৱাৰী : ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লব কুমাৰ দেৱে বুধবাৰে নতুন দিল্লীত প্ৰধামন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰে ৷ 2021 বৰ্ষৰ ৰাজহৰ 2761 কোটি টকাৰ ঘাটি পূৰ্ণ কৰিবৰ বাবে কেন্দ্ৰৰ পৰা সহায় বিচাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ ত্ৰিপুৰাত চলি থকা এহেজাৰ কোটি টকীয়া প্ৰকল্পৰ পাব লগীয়া 650 কোটি টকাও অতি শীঘ্ৰে মোকলাই দিবলৈ কেন্দ্ৰীয় বিত্ত মন্ত্ৰণালয়ক অনুৰোধ জনায় বিপ্লব দেৱে ৷
ত্ৰিপুৰাৰ দ্ৰুত উন্নয়নৰ বাবে মোডী-শ্বাহ-গাডকাৰীক সাক্ষাৎ বিপ্লব দেৱৰ - বিপ্লব দেৱ
দিল্লীত প্ৰধানমন্ত্ৰী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰীক সাক্ষাৎ ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ দেৱৰ ৷ ৰাজ্যৰ দ্ৰুত উন্নয়নৰ বাবে বিচাৰে আৰ্থিক অনুদান ৷
![ত্ৰিপুৰাৰ দ্ৰুত উন্নয়নৰ বাবে মোডী-শ্বাহ-গাডকাৰীক সাক্ষাৎ বিপ্লব দেৱৰ tripura cm biplab dev met modi-shah-gadkari at delhi](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-10147103-119-10147103-1609989520057.jpg)
দিল্লী ভ্ৰমণৰ অংশ হিচাপে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু আন দুগৰাকী কেন্দ্ৰীয় মন্ত্ৰীকো সাক্ষাৎ কৰি ৰাজ্যৰ উন্নয়নৰ ক্ষেত্ৰত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ প্ৰধানমন্ত্ৰীৰে হোৱা সাক্ষাৎত নতুন চৰকাৰে 2018 চনৰ পৰা 2020 চনলৈ ৰাজ্যখনত গ্ৰহণ কৰা বিশেষ পদক্ষেপ, উন্নয়ন আদিৰ এক বিৱৰণ দাঙি ধৰে ৷ কৃষি আৰু কৃষক উন্নয়ন, মৎস্য উৎপাদন, উদ্যান শস্য, পশুপালন, বনানিকৰণ আদিৰ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপৰ লগতে মুখ্যমন্ত্ৰী স্বনিৰ্ভৰ পৰিবাৰ যোজনা, প্ৰধানমন্ত্ৰী আৱাস যোজনা, অটল জলধাৰা মিছন আদিৰ ৰূপায়নৰ খতিয়ান দাঙি ধৰে প্ৰধানমন্ত্ৰীক ৷
আনহাতে, NERSDS ৰ অধীনত NEC ৰ দ্বাৰা 19 টা পথ প্ৰকল্পত অনুমোদন, ৰাজ্যৰ GSDP অনুসৰি মুক্ত বজাৰ ঋণ গ্ৰহণৰ বাবে বিত্ত মন্ত্ৰণালৰ অনুমোদন, 400 কোটিৰ নাবাৰ্ড ঋণৰ বাবে অনুমোদন লাভ কৰাৰ বাবেও অনুৰোধ জনাই বিপ্লৱ দেৱে ৷
লগতে পঢ়ক :কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আজিৰ পৰা আৰম্ভ বাঘ গণনা প্ৰক্ৰিয়া