নেশ্যনেল, ৩১আগষ্ট: অহা ৫ ছেপ্টেম্বৰৰ পৰা ত্ৰিপুৰা আৰু বাংলাদেশৰ মাজত আৰম্ভ হ'ব আভ্যন্তৰীণ জলপথৰ যাতায়াত। মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱৰ উপস্থিতিত ত্ৰিপুৰাক বাংলাদেশৰে সংযোগ কৰা সোনামূৰা-দাউদকান্দি আভ্যন্তৰীণ জলপথ মুকলি কৰা হ'ব। ব্যৱসায়ৰ সম্প্ৰসাৰণৰ বাবে ৯০কি.মি দৈৰ্ঘ্যৰ এই সোনামূৰা-দাউদকান্দি আভ্যন্তৰীণ জলপথ লাভদায়ক হিচাপে চিহ্নিত হ'ব বুলি আশাবাদী ত্ৰিপুৰা চৰকাৰ।
কেন্দ্ৰীয় নৌ-পৰিবহণ মন্ত্ৰী মনসুখ মণ্ডাবিয়াই অহা ৫ ছেপ্টেম্বৰত বাংলাদেশৰ দাউদকান্দিৰ পৰা ত্ৰিপুৰাৰ সোনামূৰালৈ ৫০টন চিমেণ্ট কঢ়িয়াই অনা মালবাহী নৌকাক স্বাগতম জনাই আনুষ্ঠানিকভাৱে আভ্যন্তৰীণ জলপথৰ যাতায়াত মুকলি কৰিব। ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে এই অনুষ্ঠানত অংশ ল'ব কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।
মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱৰ লগতে অনুষ্ঠানত ভাৰতীয় স্থলবন্দৰ প্ৰাধিকৰণৰ অধ্যক্ষ আদিত্য মিশ্ৰ, ত্ৰিপুৰাৰ উদ্যোগ আৰু বাণিজ্য বিভাগৰ সচিবে অংশগ্ৰহণ কৰিব বুলি দেওবাৰে প্ৰকাশ কৰিছে কিৰণ গিট্টেই। ভাৰতীয় স্থলবন্দৰ প্ৰাধিকৰণৰ নিৰ্দেশক অজিত কুমাৰ সিঙে কয় যে, 'মালবাহী নৌকা অহা ৫ ছেপ্টেম্বৰত সোণামূৰালৈ আহিব।
সোণামূৰা বন্দৰ সুন্দৰ স্থান আৰু যাতায়াত আৰম্ভ হোৱা পিছত পৰ্যটনস্থলীলৈ ৰূপান্তৰিত হোৱাৰ সম্ভাৱনা আছে।' যোৱা ২৫আগষ্টত মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে ফেচবুক পোষ্টযোগে প্ৰকাশ কৰে যে, ২০২০ ছেপ্টেম্বৰ মাহৰ প্ৰথম সপ্তাহতে দুয়োখন দেশৰ মাজত পৰীক্ষামূলক যাতায়াত আৰম্ভ হ'ব আৰু ৫০টন চিমেণ্ট কঢ়িয়াই অনা মালবাহী নৌকা সোণামূৰালৈ আহিব। ত্ৰিপুৰাক-বাংলাদেশ আন্ত:ৰাষ্ট্ৰীয় আভ্যন্তৰীণ জলপথ প্ৰকল্পৰ অংশ হিচাপে যোৱা ৪ জুলাইত ত্ৰিপুৰাৰ গোমাতি নদীত ফ্ল'টিং জেট স্থাপন কৰা হৈছিল। ইয়াৰ পিছতে ব্যৱসায়ীসকলে পৰীক্ষামূলক যাতায়াতৰ দাবী উত্থাপন কৰি আছিল। যোৱা ১২আগষ্টত বাংলাদেশৰ নৌপৰিবহণ বিভাগৰ উচ্চপদস্থ বিষয়াৰ এটা দলে জলপথৰ জৰীপ কৰে।
লগতে পঢ়ক:NEET-JEE পৰীক্ষাক কেন্দ্ৰ কৰি কেন্দ্ৰক সমালোচনা ৰাহুল গান্ধীৰ