নিউজ ডেস্ক, ৫জুলাই: ইটিভি ভাৰতৰ আঞ্চলিক সম্পাদক ব্ৰজ মোহন সিঙৰে হোৱা এক আছুতীয়া সক্ষাৎকাৰত পদ্মভূষণ সন্মানেৰে সন্মানিত নৃত্যগুৰু সোনাল মানসিঙে কয় যে, মহামাৰী ক'ভিড-১৯ৰ অজুহাতত চলিত বৰ্ষত দিল্লী বিশ্ববিদ্যালয়ৰ সংৰক্ষিত ECA(এক্সট্ৰা কেৰিকুলাৰ এক্টিভিটি) কোটাত কোনো ধৰণৰ নামভৰ্তি নকৰাৰ সিদ্ধান্ত শীঘ্ৰেই উঠাই লোৱা উচিত ।
দিল্লী বিশ্ববিদ্যালয়ৰ পৰা ECA কোটা আঁতৰোৱাৰ প্ৰসংগত সোনাল মানসিং - ECA quote
খেল আৰু সাংস্কৃতিক বিষয়কো সমানেই গুৰুত্ব দিয়ক; দিল্লী বিশ্ববিদ্যালয়ৰ পৰা ECA কোটা আঁতৰোৱাৰ প্ৰসংগত ইটিভি ভাৰতৰে হোৱা এক আছুতীয়া সক্ষাৎকাৰত পদ্মভূষণ সন্মানেৰে সন্মানিত নৃত্যগুৰু সোনাল মানসিঙে এইদৰে উল্লেখ কৰিলে ।

দিল্লী বিশ্ববিদ্যালয়ৰ পৰা ECA কোটা আঁতৰোৱাৰ প্ৰসংগত সোনাল মানসিং
দিল্লী বিশ্ববিদ্যালয়ৰ পৰা ECA কোটা আঁতৰোৱাৰ প্ৰসংগত সোনাল মানসিং
নৃত্য গুৰুগৰাকীয়ে আন এটা বিষয়ৰ প্ৰসংগ উল্লেখ কৰি কয় যে, স্বাধীনতাৰ পাছত কি ধৰণে মহিলাৰ স্বাধীনতাৰ পৰিভাষা সলনি কৰা হ'ল । এটা ৰাজনৈতিক পৰিয়ালৰ পৰা অহাৰ পাছতো তেওঁ কিন্তু ৰাজনীতিলৈ অগ্ৰসৰ নহ'ল । কিয়নো তেওঁ মৃদুভাষী নহয় আৰু আনক সন্তুষ্ট কৰিবৰ বাবে কথা কব নোৱাৰে।