অসম

assam

ETV Bharat / bharat

ৰাজ্যসভাত গৃহীত সমকামী লোকৰ (অধিকাৰ ৰক্ষা) বিধেয়ক - Transgender Bill passed in Rajya Sabha

মঙলবাৰে ৰাজ্যসভাত গৃহীত হয় সমকামীসকলৰ বাবে বহু প্ৰত্যাশিত সমকামী লোকৰ (অধিকাৰ ৰক্ষা) বিধেয়ক 2019 ৷ সমকামী লোকসকলক সামাজিক, অৰ্থনৈতিক আৰু শৈক্ষিক অধিকাৰ ৰক্ষাৰ বাবে এই বিধেয়কখন বিশেষ তাৎপৰ্যপূৰ্ণ হিচাপে বিবেচিত হ'ব ৷

ৰাজ্যসভাত সমকামী অধিকাৰ ৰক্ষা বিধেয়ক, সমকামী অধিকাৰ ৰক্ষা বিধেয়ক 2019, ৰাজ্যসভাত গৃহীত সমকামী লোকৰ অধিকাৰ ৰক্ষা বিধেয়ক, Transgender Persons (Protection of Rights) Bill, Bill passed in Rajya Sabha, Transgender Bill passed in Rajya Sabha
গৃহীত সমকামী লোকৰ (অধিকাৰ ৰক্ষা) বিধেয়ক

By

Published : Nov 26, 2019, 8:54 PM IST

নেশ্যনেল ডেস্ক, 26 নৱেম্বৰঃমঙলবাৰে ৰাজ্যসভাত গৃহীত হয় সমকামী লোকৰ (অধিকাৰ ৰক্ষা) বিধেয়ক, 2019 ৷ কেন্দ্ৰীয় সামাজিক ন্যায় মন্ত্ৰী থাৱৰ চন্দ্ৰ গেহলটে বিগত 20 নৱেম্বৰ তাৰিখে বিধেয়কখন ৰাজ্যসভাত বিবেচনাৰ বাবে উত্থাপন কৰিছিল ৷ অৱশেষত মঙলবাৰে বিধেয়কখন ৰাজ্যসভাত গৃহীত কৰা হয় ৷ চলিত বৰ্ষৰ জুলাই মাহত বিধেয়কখন লোকসভাত প্ৰথমবাৰৰ বাবে উত্থাপন কৰা হৈছিল আৰু আগষ্ট মাহৰ 5 তাৰিখে লোকসভাই ইয়াক গৃহীত কৰিছিল ৷

লগতে পঢ়কঃ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাভিজৰ পদত্যাগ

ৰাজ্যসভাত বিধেয়কখন উত্থাপনৰ সময়ত সমাজবাদী পাৰ্টীৰ সাংসদ জয়া বচ্চনে বিধেয়কখন পুনৰ বিবেচনা কৰিবৰ বাবে আহ্বান জনাইছিল ৷ বিধেয়কখনে সমকামী লোকসকলক সমাজৰ অন্যান্য লোকসকলৰ পৰা পৃথক কৰি তুলিব বুলি যুক্তি প্ৰদান কৰিছিল সাংসদগৰাকীয়ে ৷

লগতে পঢ়কঃ অমিত শ্বাহ, জেপি নড্ডাৰ সৈতে প্ৰধানমন্ত্ৰী মোডীৰ জৰুৰী বৈঠক

সমকামী লোকৰ সংজ্ঞা নিৰ্ধাৰণ,সমকামীসকলৰ বিৰুদ্ধে অন্যায়-অবিচাৰ বন্ধ কৰা,সমকামীসকলক লিংগ পৰিচয়ৰ অধিকাৰ প্ৰদান আৰু কোনো সংস্থা নাইবা প্ৰতিষ্ঠানে তেওঁলোকক চাকৰিত মকৰল কৰা,পদোন্নতি দিয়া আৰু অন্যান্য আনুসংগিক বিষয়ত কোনোধৰণৰ বৈষম্যমূলক আচৰণ কৰিব নোৱাৰিব বুলি বিধেয়কখনত উল্লেখ আছে ৷

লগতে পঢ়কঃ 26/11 আক্ৰমণ: ভাৰতীয় ইতিহাসত এক ক’লা আধ্যায়

বিধেয়কখনত সমকামী লোকসকলৰ বাবে এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ কাউন্সিল গঠনৰ পৰামৰ্শ দিয়াৰ লগতে ইয়াৰ অধীনত সমকামী লোকসকলৰ সকলো ধৰণৰ সুবিধা প্ৰদানৰ বাবে উল্লেখ কৰা আছে ৷

ABOUT THE AUTHOR

...view details