নিউজ ডেস্ক, 7 এপ্ৰিলঃ2022ত সম্পন্ন কৰিবলগা ভাৰতৰ প্ৰথমটো মানৱযুক্ত মহাকাশ অভিযান গগনযানৰ প্ৰশিক্ষণ স্তব্ধ হৈ পৰিছে ৷ সমগ্ৰ বিশ্বতে কৰ‘ণা ভাইৰাছৰ আতংকৰ ফলতে বন্ধ কৰি ৰখা হৈছে ভাৰতৰ প্ৰথমটো মহাকাশ মানৱযুক্ত অভিযান ৷ এই অভিযানৰ বাবে ভাৰতীয় বায়ুসেনাৰ চাৰিগৰাকীকৈ টেষ্ট পাইলট নিৰ্বাচন কৰা হৈছিল আৰু ৰাছিয়াত তেওঁলোকৰ প্ৰশিক্ষণ হোৱাৰ কথা আছিল যদিও কোভিড-19ৰ বাবে প্ৰশিক্ষণ কাৰ্যসূচী বন্ধ কৰি ৰখা হৈছে ৷
লকডাউনৰ বাবে ব্যাহত গগনযানৰ মহাকাশচাৰীৰ প্ৰশিক্ষণ - ৰাছিয়া
কৰ‘ণা ভাইৰাছৰ সন্ত্ৰাস অব্যাহত থকাৰ সময়তে ভাৰতৰ বহু আকাংশী গগনযানৰ বাবে নিৰ্বাচিত চাৰিগৰাকী মহাকাশচাৰীৰ প্ৰশিক্ষণ বন্ধ কৰি ৰাখিবলগা হৈছে ৷ ৰাছিয়াত প্ৰশিক্ষণ গ্ৰহণ কৰিবলগা এই চাৰিওগৰাকী ভাৰতীয় মহাকাশচাৰীৰ প্ৰশিক্ষণ সদ্যহাতে বন্ধ কৰি দিয়া হৈছে ৷ ভাৰতত প্ৰথমটো মানৱযুক্ত মহাকাশ অভিযান গগনযান 2022ত মহাকাশলৈ প্ৰেৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল ৷

ইতিমধ্যে চাৰিওগৰাকী মহাকাশচাৰীয়ে ৰাছিয়াৰ য়ুৰি গাগৰিন ৰিচাৰ্ছ আৰু টেষ্ট কছমোনাট ট্ৰেইনিং চেন্টাৰত ফেব্ৰুৱাৰী মাহৰ পৰাই প্ৰশিক্ষণ গ্ৰহণ কৰি আছিল যদিও সদ্যহাতে তেওঁলোকৰ প্ৰশিক্ষণ স্তব্ধ হৈ আছে ৷ কোভিড-19ৰ বাবে বিগত সপ্তাহত এই প্ৰশিক্ষণ কেন্দ্ৰটো বন্ধ কৰি দিয়া হৈছে ৷
প্ৰাপ্ত তথ্য অনুসৰি, সদ্যহাতে চাৰিওগৰাকী মহাকাশচাৰীয়ে সুস্থ হৈ আছে আৰু তেওঁলোকক মস্কোৰ এক বিশেষ হোষ্টেলত ৰখা হৈছে ৷ অহা মাহৰ শেষৰ ফালে প্ৰশিক্ষণ পুনৰ আৰম্ভ হোৱাৰ সম্ভাৱনা আছে ৷ উল্লেখযোগ্য যে এই প্ৰশিক্ষণ কাৰ্যসূচী 12 মাহ ধৰি চলিব ৷