অসম

assam

ETV Bharat / bharat

ন্যূনতম আয় যোজনা সকলো স্তৰৰ লোকৰ বাবে প্ৰযোজ্য হ'বঃ চিদাম্বৰম - chidambaram

চিদাম্বৰামে সংবাদমেলৰ সম্বোধন কৰি কয় যে আয় যোজনাৰ বাবে অৰ্থনৈতিক বিশেষজ্ঞসকলৰ সৈতে কংগ্ৰেছ দলে অলোচনাত মিলিত হৈছে ৷ ইতিমধ্যে বিত্তীয় বিশেষজ্ঞসকলেও এই যোজনা প্ৰযোজ্য কৰাৰ ক্ষেত্ৰত সহমত প্ৰদান কৰা বুলি জানিবলৈ দিয়ে ৷

চিডাম্বৰাম

By

Published : Mar 28, 2019, 1:03 AM IST

নিউজ ডেস্ক, 27 মাৰ্চঃ কংগ্ৰেছৰ জেষ্ঠ নেতা তথা প্ৰাক্তন বিত্তমন্ত্ৰী পি চিদাম্বৰামে বুধবাৰে কয় যে কংগ্ৰেছে ন্যূনতম আয় যোজনা সৰ্বস্তৰৰ লোকৰ বাবে প্ৰযোজ্য কৰিব ৷ এই যোজনাৰ ফলত সমগ্ৰ ভাৰতবৰ্ষৰ 5 কোটি পৰিয়ালক ধীৰে ধীৰে অন্তৰ্ভুক্ত কৰা হ'ব ৷

চিদাম্বৰামে সংবাদমেলৰ সম্বোধন কৰি কয় যে ন্যূনতমআয় যোজনাৰ বাবে অৰ্থনৈতিক বিশেষজ্ঞ সকলৰ সৈতে কংগ্ৰেছ দলে অলোচনাত মিলিত হৈছে ৷ ইতিমধ্যে বিত্তীয় বিশেষজ্ঞ লসকলেও এই যোজনা প্ৰযোজ্য কৰাৰ ক্ষেত্ৰত সহমত প্ৰদান কৰা বুলি জানিবলৈ দিয়ে ৷

তেওঁ কয় যে এই যোজনাৰ বাবে ভাৰত বৰ্ষত মুঠ ঘৰুৱা উৎপাদনৰ হাৰ 1.8 শতাংশলৈ বৃদ্ধি পোৱাৰ আশা আছে ৷

ABOUT THE AUTHOR

...view details