নিউজ ডেস্ক,29 জানুৱাৰী: বৃহস্পতিবাৰে লাডাখৰ বৰফাবৃত জনস্কাৰ নদীৰ মনোৰম দৃশ্য উপভোগ কৰাৰ বাবে আহি ভিৰ কৰে অসংখ্য পৰ্যটকে ৷ স্থানীয় লোকসকলৰ মাজত এই নৈখন চাদৰ ট্ৰেক হিচাপে পৰিচিত ৷ এই মনোৰমা সৌন্দৰ্যৰ সাক্ষী হ’বলৈ অহা অভ্যুদয় নামৰ এগৰাকী পৰ্যটকে কয় যে, তেওঁ নিজৰ এগৰাকী বন্ধুৰ পৰা এই চাদৰ ট্ৰেকৰ বিষয়ে শুনাৰ পিছতেই ইয়ালৈ ভ্ৰমণৰ বাবে আহিছে ৷
অভ্যুদয়ে কয়, "মোৰ এগৰাকী বন্ধুৱে মোক এবাৰলৈ হ’লেও এই ট্ৰেকৰ সাক্ষী হ’বলৈ কৈছিল ৷ মই আনন্দিত যে, মই ইয়ালৈ আহিলো ৷ যদি মই নাহিলোহেঁতেন তেন্তে মই গোটেই জীৱন দুঃখিত হৈ থাকিলোহেতেন ৷ মই ৰাইজক ইয়ালৈ আহিবলৈ অনুৰোধ জনাইছো ৷ আপোনালেকে ইয়াৰ মনোমহা সৌন্দৰ্য উপভোগ কৰাৰ লগতে ইয়াৰ ওচৰ-পাজৰৰ ৰাইজো ইয়াৰ দ্বাৰা লাভান্বিত হ’ব ৷ এই নদী পৰ্যটনেই ইয়াৰ ৰাইজৰ জীৱিকাৰ উৎস ৷"