নেশ্যনেল ডেস্ক, 15 মাৰ্চ : 15 মাৰ্চৰ পৰা 31 মাৰ্চলৈ পুৰীত পৰ্যটকৰ উপস্থিতিত নিষেধাজ্ঞা আৰোপ কৰা হৈছে ৷ শনিবাৰে বিয়লি ভাগত ট্ৰেভেল এজেন্সীৰ সৈতে এখন জৰুৰীকালিন বৈঠক অনুষ্ঠিত কৰি এই সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ সতাপাদাৰ পৰা পুৰী, ভুৱনেশ্বৰ আৰু চন্দ্ৰভাগা, পুৰীৰ পৰা কোনাৰ্ক আৰু ককতপুৰৰ সকলো বাছ বাতিল কৰাৰ কথা ঘোষণা কৰা হৈছে ৷
এই সম্পৰ্কত কোনো সন্দেহযুক্ত ঘটনা পোহৰলৈ আহিলে পৰিৱহন বিভাগক তৎক্ষণাত ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰা হৈছে ৷ ইয়াৰোপৰি, হোটেল কৰ্তৃপক্ষয়ো এই সম্পৰ্কত সন্দেহযুক্ত কোনো তথ্য লাভ কৰিলে অতি সোনকালে অৱগত কৰিবলৈ জনোৱা হৈছে ৷ এই নিৰ্দেশ পালন নকৰিলে হোটেল কৰ্তৃপক্ষৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও জানিবলৈ দিয়া হৈছে ৷