অসম

assam

তেলেংগানাত কৃষকৰ অভিনৱ প্ৰতিবাদ

By

Published : Mar 28, 2019, 6:30 PM IST

Updated : Mar 28, 2019, 6:52 PM IST

লোকসভা নিৰ্বাচনত তেলেংগানাৰ নিজামাবাদৰ পৰা 185 জন প্ৰাৰ্থী

কৃষকৰ আভিনৱ প্ৰতিবাদ

নিউজ ডেস্ক, 28 মাৰ্চঃএইবাৰ লোকসভা নিৰ্বাচনত তেলেংগানাৰ নিজামাবাদ লোকসভা সমষ্টিৰ পৰা 185 জন লোকে প্ৰাৰ্থীত্ব আগবঢ়াইছে ৷ 185 জনৰ 178 জন হৈছে কৃষক ৷ তেওঁলোক হালধি আৰু ৰঙা জোৱাৰৰ খেতিয়ক ৷ কৃষকৰ শস্যৰ উচিত মূল্য দিব নোৱাৰাৰ বাবে এই প্ৰতিবাদ কৃষকসকলৰ ৷
টি আৰ এচ দল ক্ষমতালৈ অহাৰ পূৰ্বে কৃষকসকলক তেওঁলোকৰ শষ্যৰ বাবে ন্যূনতম ভৰণ পোষণ মূল্য প্ৰদান কৰা কথা আছিল যি এই পৰ্যন্ত ফলপ্ৰসু হৈ নুঠাৰ বাবে এই সিদ্ধান্ত কৃষকসকলৰ ৷ বৰ্তমান সাংসদ কে.কৱিথা, ৰাজ্যখনৰ মুখ্যমন্ত্ৰী তথা টি আৰ এচৰ প্ৰধানকে চন্দ্ৰশেখৰ ৰাওৰ দুহিতাই এখন হালধী বৰ্ড আৰু ন্যূনতম ভৰণ পোষণ মূল্যৰ ৰঙা জোৱাৰৰ বৰ্ড স্থাপন কৰা কথা কৈছিল যি আজিলৈকে হৈ নুঠিল ৷ ইয়াৰ প্ৰতিবাদ স্বৰূপে জাগিতিয়াল, কৰাত্লা, আৰ্মোৰ, বালকোণ্ডা আৰু নিজামাবাদ(গ্ৰাম্য)ৰ কৃষক সকলে এই সিদ্ধান্ত লৈছে ৷

Last Updated : Mar 28, 2019, 6:52 PM IST

ABOUT THE AUTHOR

...view details