অসম

assam

ETV Bharat / bharat

5 বজাৰ দহটা শীৰ্ষ বাতৰি - TOP10 @ 5PM

5 বজাৰ দহটা শীৰ্ষ বাতৰি

TOP10 @ 5PM
TOP10 @ 5PM

By

Published : Aug 30, 2020, 5:04 PM IST

বন্যহস্তীৰ আক্ৰমণত নিহত এজন

সময়ে সময়ে হাতী-মানুহৰ মাজত সৃষ্টি হোৱা সংঘাত কোনো নতুন বিষয় নহয় ৷ কিন্তু প্ৰায়ে সংঘটিত হৈ থকা এই সংঘাত ৰোধ কৰাত ব্যৰ্থ হৈছে ৰাজ্য চৰকাৰৰ লগতে বন বিভাগ ৷

কৃত্ৰিম বানৰ কবলত কৰিমগঞ্জ চহৰ

প্ৰতিবছৰৰ দৰে এইবছৰো প্ৰলংয়কাৰী বানে বিভীষিকা সৃষ্টি কৰিছিল ৰাজ্যত ৷ তৎসত্বেও এইবৰ্ষৰ বানৰ কবলৰ পৰা ৰক্ষা পৰিছিল বৰাক উপত্যকা ৷

চুৰি সামগ্ৰী সহ আৰক্ষীৰ জালত ৬ গভাইত চোৰ

গোলাঘাটত আৰক্ষীয়ে ৬ টাকৈ গভাইত চোৰক আটক কৰিবলৈ সক্ষম হৈছে । ধৃত চোৰ কেইটাৰ পৰা বহু লাখ টকাৰ চুৰি সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ৷

কলিয়াভোমোৰাৰ ওপৰেৰে বনজ সম্পদৰ অবৈধ সৰবৰাহ

ৰাজ্যৰ ভিন্ন প্ৰান্তত বনজ সম্পদ লুণ্ঠনৰ প্ৰক্ৰিয়া অব্যাহত থকাৰ বিষয়ে অভিযোগ উত্থাপন হৈ আহিছে ৷

গাঁওবাসীয়ে নিজাববীয়াকৈ মেৰামতি কৰিলে জৰাজীৰ্ণ পথ

ৰাজ্যত ক'ভিড-19 ৰ ত্ৰাস অব্যাহত থকাৰ সময়তে বকোত চৰকাৰলৈ বাট নাচাই গাঁওবাসীয়ে নিজাববীয়াকৈ মেৰামতি কৰিলে জৰাজীৰ্ণ পথ ৷

অস্বাস্থ্যকৰ পৰিৱেশত কদৰ্যময় জীৱন কটাইছে ধেমাজিবাসী

2014 বৰ্ষত আৰম্ভ কৰা স্বচ্ছ ভাৰত আঁচনি বৰ্তমান যেন ফুটুকাৰ ফেনত পৰিণত হৈছে ৷ কিয়নো ধেমাজিৰ প্ৰান্তে প্ৰান্তে এতিয়া আৱৰ্জনাৰ দ'ম ।

বৃহৎ পৰিমাণৰ নগদ ধনসহ আৰক্ষীৰ জালত এজন

ৰাজ্যত ক'ভিড-19 ৰ ত্ৰাস অব্যাহত থকাৰ সময়তে দেওবাৰে গুৱাহাটী মহানগৰীৰ তেতলীয়াত বৃহৎ পৰিমাণৰ নগদ ধনসহ এজন লোকক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় ৷

ট্ৰাক ভৰ্তি চোৰাং চাউল সহ আৰক্ষীৰ জালত দুই সৰবৰাহকাৰী

চিৰাঙত চোৰাং চাউল ভৰ্তি ট্ৰাক সহ দুজন সৰবৰাহকাৰীক আটক কৰে আৰক্ষীয়ে ৷ ধৃত লোক কেইজন হ'ল ট্ৰাকখনৰ মালিক তথা চালক মদন শৰ্মা(৩৬) আৰু আন জন সহকাৰী চালক মেহেৰ উদ্দিন সেখ(১৮) বুলি জানিব পৰা গৈছে ৷

বঙাইগাঁৱৰ মাজপাৰা দৌল মন্দিৰত চুৰিকাণ্ড

শনিবাৰে নিশা বঙাইগাঁৱৰ মাজপাৰা দৌল মন্দিৰত এক চুৰিকাণ্ডৰ ঘটনা সংঘটিত হয় ৷ চোৰে তলা ভাঙি মন্দিৰত থকা দুটা পিতলৰ মূৰ্তিসহ এটা পিতলৰ বাঁহী লৈ যায় ৷

বন্ধ হোৱাৰ দিশে অসমৰ একমাত্ৰ তীখা উদ্যোগটো, চাওঁক আমাৰ এই প্ৰতিবেদন

1985 চনতে বাইহাটা চাৰিআলিৰ দগাঁৱত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই স্থাপন কৰিছিল তীখা উদ্যোগৰ আধাৰশীলা ৷

ABOUT THE AUTHOR

...view details