অসম

assam

ইছৰোৰ জ্যেষ্ঠ বিজ্ঞানীক বিহ দিয়াৰ অভিযোগ

ভাৰতীয় মহাকাশ বিজ্ঞানী তপন মিশ্ৰাই মঙলবাৰে এক চাঞ্চল্যকৰ অভিযোগ দাখিল কৰিছে ৷ বিজ্ঞানীগৰাকীয়ে 2017 চনৰ 23 মে’ত ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰোৰ মুখ্য কাৰ্যালয়ত পদোন্নতিৰ বাবে এক সাক্ষাৎকাৰত অংশগ্ৰহণ কৰিবলৈ যাওঁতে এবিধ ৰাসায়নিক পদাৰ্থৰ সৈতে বিহ মিহলি কৰি দিয়া হৈছিল বুলি এক অভিযোগ উত্থাপন কৰিছে ৷

By

Published : Jan 6, 2021, 12:37 PM IST

Published : Jan 6, 2021, 12:37 PM IST

ETV Bharat / bharat

ইছৰোৰ জ্যেষ্ঠ বিজ্ঞানীক বিহ দিয়াৰ অভিযোগ

Top ISRO scientist claims he was poisoned three years ago Etv bharat news
ইছৰোৰ জ্যেষ্ঠ বিজ্ঞানীক বিহ দিয়াৰ অভিযোগ

বাংগালুৰু, 6 জানুৱাৰী :ইছৰোৰ এগৰাকী জ্যেষ্ঠ বিজ্ঞানীয়ে মঙলবাৰে দাবী উত্থাপন কৰে যে, তেওঁক তিনি বছৰ পূৰ্বে বিহ দিয়া হৈছিল ৷ তপন মিশ্ৰা নামৰ বিজ্ঞানীজনে অভিযোগ উত্থাপন কৰা অনুসৰি 2017 চনৰ 23 মে’ত ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰোৰ মুখ্য কাৰ্যালয়ত পদোন্নতিৰ বাবে এক সাক্ষাৎকাৰত অংশগ্ৰহণ কৰিবলৈ যাওঁতে ঘাতক হিচাপে পৰিচিত আৰ্ছেনিক ট্ৰাই অক্সাইডৰ সৈতে বিহ মিহলাই দিয়া হৈছিল ৷

মিশ্ৰাই কয় যে, দুপৰীয়াৰ ভোজনৰ অন্তত লঘু খাদ্যৰ সৈতে চাটনিৰ লগত এই বিহ মিহলাই বিজ্ঞানীগৰাকীক খাবলৈ দিয়া হৈছিল ৷ মিশ্ৰা বৰ্তমান ইছৰোৰ জ্যেষ্ঠ উপদেষ্টা হিচাপে কৰ্মৰত ৷ বিজ্ঞানীগৰাকীয়ে পূৰ্বে ইছৰোৰ আহমেদাবাদস্থিত মহাকাশ অনুপ্ৰয়োগ কেন্দ্ৰত নিৰ্দেশক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ৷

2017 চনৰ জুলাইত গৃহ মন্ত্ৰালয়ৰ সুৰক্ষাকৰ্মীসকলে মিশ্ৰাক সাক্ষাৎ কৰি এই বিষয়ে সাৱধান কৰি দিছিল ৷ মিশ্ৰাই দাবী কৰা মতে,পৰৱৰ্তী সময়ত তেওঁ শ্বাস-প্ৰশ্বাসত অসুবিধা অনুভৱ কৰাৰ লগতে ছালত বহু সমস্যাই দেখা দিয়া বুলি ফেচবুকৰ দীৰ্ঘম্যাদী গোপন কথা শীৰ্ষক প’ষ্টত আপলোড কৰে ৷ এই সম্পৰ্কে নতুন দিল্লীৰ এইমছৰ পৰা লাভ কৰা চিকিৎসা সেৱাৰ পৰীক্ষাৰ প্ৰতিবেদনো ফেচবুকত আপলোড কৰে বিজ্ঞানীজনে ৷ য’ত আৰ্ছেনিকৰ ভয়াৱহতা সম্পৰ্কে উল্লেখ আছে ৷

জ্যেষ্ঠ বিজ্ঞানীগৰাকীয়ে এই সম্পৰ্কত ভাৰত চৰকাৰে তদন্ত কৰাতো বিচাৰে বুলি মন্তব্য প্ৰকাশ কৰিছে ৷ কিন্তু মিশ্ৰাৰ এই অভিযোগৰ বিৰুদ্ধে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই ইছৰোৱে ৷

লগতে চাওকঃক’ভিডৰ ভয়াৱহতাৰ বাবে স্থগিত গ্ৰেমী এৱাৰ্ড 2021

ABOUT THE AUTHOR

...view details