অসম

assam

ETV Bharat / bharat

মুখ্যমন্ত্ৰী সকলৰ সৈতে মোডীৰ চতুৰ্থখন বৈঠক..কি হ'ব পৰৱৰ্তী পৰিকল্পনা ! - মুখ্যমন্ত্ৰী সকলৰ সৈতে মোডীৰ চতুৰ্থখন বৈঠক..কি হ'ব পৰৱৰ্তী পৰিকল্পনা !

সোমবাৰে দেশৰ সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰী সকলৰ সৈতে বৈঠকত মিলিত হয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী । লক ডাউনৰ দ্বিতীয় পৰ্যায় সমাপ্ত হোৱাৰ ৬ দিন বাকী থকাৰ পূৰ্বে চতুৰ্থখন বৈঠকত মিলিত হৈছে প্ৰধানমন্ত্ৰীগৰাকী ।

Top agenda of Modi's 4th conference with CMs - what's next?
Top agenda of Modi's 4th conference with CMs - what's next?Top agenda of Modi's 4th conference with CMs - what's next?

By

Published : Apr 27, 2020, 3:11 PM IST

নিউজ ডেস্ক, ২৭ এপ্ৰিলঃ দ্বিতীয় পৰ্যায়ৰ লক ডাউন সমাপ্ত হ'বলৈ ৬ দিন বাকী থকাৰ মাজতেই সোমবাৰে পুনৰ ভিডিঅ' কনফাৰেঞ্চিঙৰ জৰিয়তে ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী সকলৰ সৈতে বৈঠকত মিলিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী । পুৱা ১০ বজাত চতুৰ্থবাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী সকলৰ সৈতে বৈঠক মিলত হয় প্ৰধানমন্ত্ৰীগৰাকী ।

এই বৈঠকত দেশৰ শেহতীয়া পৰিস্থিতি আৰু ৰাজ্য সমূহৰ বৰ্তমানৰ অৱস্থা, কোভিড-১৯ ৰ বিৰুদ্ধে যুঁজত ভূমিকা, বহু ৰাজ্যৰ ৰাজহৰ লোকচান, চাকৰি কৰ্তন ইত্যাদিৰ ওপৰত আলোচনা হোৱাৰ অনুমান কৰা হৈছে ।

ইতিমধ্যে পাঞ্জাৱ চৰকাৰে ৰাজহ হ্ৰাস হোৱাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি পাঞ্জাৱত সুৰাৰ বিক্ৰীৰ অনুমতি বিচাৰি কেন্দ্ৰলৈ পত্ৰ প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে ।

ইপিনে ৰাজ্যৰ বিশেষ মুখ্য সচিব কে.বি.এছ সিদ্ধুৱে বিগত সপ্তাহত কৈছিল, এইটো উল্লেখ কৰিব লাগে যে, চৰকাৰে নিজৰ ৰাজহৰ অনুপাতৰ ভিত্তিত এটা বহু ডাঙৰ অংশ হেৰুৱালৈ গৈ আছে । ২০২০-২১ বিত্তীয় বৰ্ষত ৬,০০০ কোটি ধাৰ্য কৰা হৈছিল ।

চত্তিশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে অৰ্থনৈতিক পেকেজৰ কথা উল্লেখ কৰি কৈছে জীয়াই থকাৰ এইটোৱে একমাত্ৰ মূল চাবিকাঠি । বাঘেলে লগতে কয় বৰ্তমান অৰ্থনৈতিক কাৰ্যকলাপ বন্ধ হৈ আছে । পৰিবহনৰ পৰা খনি,সুৰা বিক্ৰী সকলো বন্ধ হৈ আছে । ৰাজ্য চৰকাৰৰ হাতত ৰাজহ নোহোৱা হৈছে । যদি এনে দৰেই চলি গৈ থাকে,তেন্তে কৰ্মী সকলক বেতন দিয়াও অসম্ভৱ হৈ উঠিব ।

উল্লেখ্য যে,কেন্দ্ৰ চৰকাৰে ২০ এপ্ৰিলৰ পৰা লক ডাউনত কিছু শিথিলতা আনিছিল । যেনেকেৈ ৰাস্তা মেৰামতি,কৃষি আৰু খনি ইত্যাদিত । কিন্তু তেলেংগানা আদিকে ধৰি কেইখন মান ৰাজ্য়ই ইয়াৰ বিৰোধিতা কৰিছিল ।

অহা ৩ মে'ত অন্ত পৰিব লক ডাউন ২.০ ৰ । এতিয়া পৰৱৰ্তী কাৰ্যসূচী কি গ্ৰহণ কৰা হ'ব ইয়াকে লৈ বহুৰ মনত চিন্তা উদয় হৈছে। ভাৰতত বৰ্তমালৈকে কোভিড-১৯ ত ২৭,৮৯২ জন লোক আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু মুখত পৰিছে ৮৭২ জন লোক ।

ABOUT THE AUTHOR

...view details