ক'ভিড ১৯ : দুই লাখ স্বাৱ পৰীক্ষা সম্পূৰ্ণ কৰাৰ দিশে অসম !
অসমে ইতিমধ্যে ক'ৰণা আতংকৰ জটিল সময়খিনি অতিক্ৰম কৰিছে । বৰ্তমানলৈকে অসমে ১ লাখ ৪ হাজাৰ ৮৩ গৰাকী লোকৰ ক'ভিড পৰীক্ষা কৰিবলৈ সক্ষম হৈছে । এই সংখ্যাই চেৰ পেলালে পশ্চিম বংগ আৰু কেৰালাক । অহা ১৫ জুনৰ ভিতৰত অসমে দুই লাখ পৰীক্ষা সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ব । দেওবাৰে সন্ধিয়া অনুষ্ঠিত এক সংবাদমেলত এই কথা ঘোষণা কৰে স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ।
বন্যাৰ্তক মন্ত্ৰীৰ সান্তনা : কংগ্ৰেছৰ বাবেহে ভুগিব লগা হৈছে দুৰ্ভোগ !
নিজ সমষ্টিৰ বানপীড়িত ৰাইজৰ কাষত উপস্থিত উদ্যোগমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ৷ দেওবাৰে নলবাৰী জিলাৰ পুৰ্ণিৰ ভঙা মথাউৰি পৰিদৰ্শন কৰে মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে। ভঙা মথাউৰি নতুনকৈ নিৰ্মাণ কৰাৰ বাবে ৩১ লাখ টকাৰ অনুমোদন হোৱা বুলি ঘোষণা কৰাৰ লগতে শীঘ্ৰে মথাউৰিৰ কাম কৰা হ'ব বুলি বন্যাৰ্তক আশ্বাস দিয়ে মন্ত্ৰীগৰাকীয়ে ।
অসম আৰক্ষীৰ মোহৰ সম্বলিত ভুৱা জাননী ভাইৰেল !
যোৱা কেইবাদিনো ধৰি অসম আৰক্ষীৰ মোহৰ সম্বলিত এখন জাননী বিভিন্ন হোৱাটছএপ গ্ৰুপত প্ৰচাৰ হৈছিল। সেই একেখন জাননী ৩০ মে'ৰ নিশা অসমৰ জনসংযোগ বিভাগৰ হোৱাটছ এপ গ্ৰুপতো আপলোড কৰা হৈছিল । কিন্তু সেই জাননীখন এতিয়া চৰ্চিত হৈছে ৷
উন্নত প্ৰযুক্তিৰে আগতীয়াকৈ উমান লোৱা হ'ব ৰাজ্যৰ বিভিন্ন প্ৰাকৃতিক দুৰ্যোগৰ !
অতিশীঘ্ৰে দুৰ্যোগ ব্যৱস্থাপনা ক্ষেত্ৰই লাভ কৰিব এক অভিনৱ গতি ৷ ৰাজ্যৰ দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ কাৰ্যলয়ত উপস্থিত হৈ দেওবাৰে এই সম্পৰ্কে এই যোগাত্মক ইংগিত প্ৰদান কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ প্ৰযুক্তিৰ ব্যৱহাৰৰ দ্বাৰা আগতীয়াকৈ প্ৰাকৃতিক দুৰ্যোগৰ উমান লোৱাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে চৰকাৰে ৷
হস্তী-মানৱ সংঘাত : চামগুৰিত জ্বলিল বন বিভাগৰ কাৰ্যালয় !
বন্যহস্তীৰ আক্ৰমণত এজন লোকৰ মৃত্যু হোৱাক লৈ নগাঁৱৰ উদমাৰীত উত্তপ্ত পৰিস্থিতি। উত্তেজিত লোকে ভাঙি লণ্ড ভণ্ড কৰি জ্বলাই দিলে উদমাৰী খণ্ড বন বিষয়াৰ কাৰ্যালয়।